বঢ়মপুৰঃ নগাঁও জিলাৰ ৰূপহীহাটৰ জিউমাৰী আৰু তেলিয়াচাপৰি গাঁৱত শুকুৰবাৰে দুটাকৈ শিশুৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে৷

জিউমাৰীৰ আঁঠ বছৰীয়া জোয়েনা বেগম আৰু তেলিয়াচাপৰিৰ তিনি বছৰীয়া ওৱাহিদুল ইছলাম নামৰ শিশু দুটিৰ মৃতদেহ ঘৰৰ ওচৰৰ পুখুৰীৰ পৰা পৃথকে-পৃথকে উদ্ধাৰ কৰে স্থানীয় একাংশ লোকে৷

পৰিয়ালৰ লোকৰ অসাৱধানতাৰ বাবে দুয়োটি কিশোৰৰ অকালতে মৃত্যু হয়৷ গভীৰ পুখুৰীত নামি জলকেলি কৰি থকাৰ সময়তে কিশোৰ দুটিৰ মৃত্যু হয় বুলি কয় স্থানীয় ৰাইজে৷ সম্প্ৰতি শিশু দুটিৰ অকাল মৃত্যুক কেন্দ্ৰ কৰি গভীৰ শোকৰ ছাঁ পৰিছে গাঁও দুখনত৷