newsnextone.com | কোকৰাঝাৰঃ বিটিএডিত অব্যাহত আছে উগ্ৰপন্থী বিৰোধী অভিযান। যোৱা কেইবাটাও দিন ধৰি সেনা-আৰক্ষীয়ে অভিযান চলাই বিটিএডি এলেকাত এনডিএফবিৰ কেডাৰক জালত পেলাই অহাৰ সময়তে বুধবাৰে কোকৰাঝাৰ জিলাৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ সৰলভাঙা নৈৰ পাৰত অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ)ৰ নেতাক আটক কৰিবলৈ সক্ষম হয় সেনা-আৰক্ষী।

কোকৰাঝাৰ আৰক্ষী আৰু ১২নং শিখলাই ৰেজিমেণ্টে বুধবাৰে পুৱতি নিশা যৌথ অভিযান চলাই এগৰাকী দুধৰ্ষ এনডিএফবি(এচ)ৰ নেতাক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে আন এগৰাকী লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে। 

সেনা আৰক্ষীৰ জালত পৰা এনডিএফবিৰ(এচ) নেতাগৰাকীক এনডিএফবি(এচ)ৰ স্বয়ম্ভু চাৰ্জেণ্ট তথা কোকৰাঝাৰ জিলাৰ প্লেটুন কামাণ্ডাৰ তথা বইটাবিল , চেৰফাংগুৰীৰ বাসিন্দা দিখুম বসুমতাৰী ওৰফে দেৰহাছাৎ (২৭)বুলি জানিব পৰা গৈছে । 

আনহাতে লিংকমেনগৰাকীক পশ্চিমবংগৰৰ আলিপুৰদুৱাৰ জিলাৰ কৰডংগাৰ নাৰাপুলীৰ জিবিয়াৰ বসুমতাৰী(২১) বুলি জানিব পৰা গৈছে। সেনা-আৰক্ষীয়ে অভিযানকালত এটা বিদেশত নিৰ্মিত পিষ্টল আৰু এটা দেশীয় পিষ্টল, ৯ ৰাউণ্ড সজীৱ গুলী, ধনদাবী পত্ৰ আৰু আন কেতবোৰ আপত্তিজনক নথিপত্ৰও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে. সেনা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ম্যানমাৰত প্ৰশিক্ষিত দিখূম বসুমতাৰী এনডিএফবিৰ ৩৯নং বেটচৰ কেডাৰ আছিল ।