ডিজিটেল ডেস্কঃ জিএছটিৰ ৰাজহ সংগ্ৰহ ১ লাখ কোটিৰ ঘৰ পাৰ কৰিছে বুলি ইতিমধ্যে বিত্ত বিভাগে স্পষ্ট কৰিছে৷ শুকুৰবাৰে দিল্লীত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে জিএছটি পৰিষদৰ ২৭ সংখ্যক বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বে বৃহস্পতিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে এই কথা প্ৰকাশ কৰে৷ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ বিভিন্ন মহলে চিন্তা ব্যক্ত কৰিছে৷

জিএছটিৰ কৰ চৰকাৰে অনায়াসে পাবলৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা যায়৷ ইনপুট টেস্ক ক্ৰেডিট, ক্ৰেতা আৰু বিক্ৰেতাৰ ইনভয়েচ মেচিনৰ ৰচিদ বাধ্যতামূলক কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে৷ কৰফাকি ৰোধ আৰু নগদ লেন-দেন কমোৱাৰ বাবে চৰ্চা কৰা হ’ব বুলি জানিব পৰা যায়৷

কৰ ৰিটাৰ্ণ আৱেদন সমস্যাৰ সমাধানৰ চেষ্টা কৰা হ’ব পাৰে শুকুৰবাৰে অনুষ্ঠিত পৰিষদৰ বৈঠকত৷ নতুন ৰিটাৰ্ণ আৱেদন অনাৰ বাবে সিদ্ধান্ত লব পাৰে৷ ইনফোচিছৰ মুখ্য বিষয়া নন্দন নিলোকানিৰ সৈতেও আলোচনাত বহে পৰিষদে৷ 

ডিজিটেল পেমেণ্ট কৰাসকলক ৰেহাই দিয়াৰ চিন্তা কৰিব পাৰে চৰকাৰে৷ নৱেম্বৰ মাহৰ পৰাই ইয়াক লৈ চিন্তা কৰি আছে চৰকাৰে৷ ডিজিটেল লেন-দেনৰ বাবে উৎসাহ বৃদ্ধিৰ বাবে পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷

জিএছটিএন নেটৱাৰ্ক ভৱিষ্যতে চৰকাৰী সংস্থা হ’ব পৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব পাৰে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ৰাজ্যসমূহৰ বিত্ত মন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে৷ দেশৰ দুটা বেংক এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বত চলি আহিছে জিএছটিএন নেটৱাৰ্ক৷ জিএছটিৰ সম্পূৰ্ণ নেটৱাৰ্ক চাই এইচডিএফচি, আইচিআইচি বেংক আৰু এলআইচিৰ নেতৃত্বৰ জিএছটিএন নেটৱাৰ্কে৷

২০ লাখ টকাৰ তলৰ ব্যৱসায় কৰা লোকে জিএছটি জমা দিব নালাগে৷ এনেধৰণৰ ব্যৱসায়ীক নজৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ চেনীৰ মূল্য বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰে৷