গোলাঘাটঃ  গোলাঘাট নগৰৰ এজন মেধাৱী ছাত্ৰ,প্ৰতিভা সম্পন্ন যুৱক বিক্ৰান্তজিৎ শইকীয়াই নিজৰ কেইজনমান ঘনিষ্ঠ বন্ধু বান্ধৱী আৰু সহযোগীক লৈ ৰাজ্যৰ যুৱ চামক এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে ২০১৯ চনৰ ২৬ মে' তাৰিখে প্ৰতিষ্ঠা কৰিছিল ' অভিজ্ঞতা ' নামেৰে এটি সংগঠন।  

আজি সেই সংগঠনটোৱে দুটা বছৰ সম্পূৰ্ণ কৰিলে। প্ৰতিষ্ঠা কালৰে পৰা এই যুৱ সংগঠনটোৱে মানৱ সম্পদ উন্নয়নৰ হকে আৰু বিশেষকৈ অসমৰ প্ৰত্যেক গৰাকী যুৱক যুৱতীক জাতি ,ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে  এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। 

বৰ্তমানলৈকে অভিজ্ঞতাৰ তৰফৰ পৰা পঁচিশৰো অধিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যিসমূহ কাৰ্যসূচীৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা প'লিচি ৰিভিউইং প্ৰতিযোগিতা, ম'ক পাৰ্লিয়ামেণ্ট, ৩৬৫ প্লানটেচন,  অন্তৰংগ অনুষ্ঠান, বানপীড়িতক সাহাৰ্য্য প্ৰদান আদি উল্লেখযোগ্য। গোলাঘাটত প্ৰতিষ্ঠা লাভ কৰা এই যুৱ সংগঠনটোৰ বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ শতাধিক সদস্য আছে।  

'অভিজ্ঞতা' ৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে সমূহ সদস্যক শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনবোৰত ছাত্ৰ তথা যুৱ সমাজৰ লগতে সামগ্ৰিক ভাৱে সমাজখনৰ উন্নতিৰ হকে সক্ৰিয়ভাৱে বিভিন্ন কাম কৰি যাব বুলি জানিবলৈ দিয়ে অভিজ্ঞতাৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া বিক্ৰান্তজিৎ শইকীয়াই ।

গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ