newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ জাগুনত বৃহস্পতিবাৰে নিশা সেনা আৰক্ষীৰ জালত পৰিল তিনিজনকৈ এনডিএফবি কেডাৰ। জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নগা ডুবিত ১৩ নং অসম ৰাইফলচ আৰু সেনাৰ শিখ ৰেজিমেন্টে আৰক্ষীৰ সৈতে এক যুটীয়া অভিযান চলাই তিনিজনকৈ এন ডি এফ বি কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ 

কেডাৰকেইজনক অজয় নাৰ্জাৰী, জাংপ্ৰো বৰ্মা আৰু শ্যামকৰ নাৰ্জাৰী ২৫ বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে, এক খবৰৰ ভিত্তিত ১৩ নং অসম ৰাইফলচ আৰু সেনাৰ শিখ ৰেজিমেন্টে আৰক্ষীয়ে অঞ্চলটোৰ নগা ডুবিত ৫ জনকৈ কেডাৰ আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰি এলেকাটোত অভিযান চলাই৷ অভিযানত বিদ্ৰোহী সংগঠনটোৰ দুজন সদস্য পলাই যাবলৈ সক্ষম হয় যদিও তিনিজন কেডাৰক সেনাই আটক কৰিবলৈ সক্ষম হয়৷ কেডাৰজনৰ পৰা সেনা আৰক্ষীয়ে ১টা একে-৪৭ ৰাইফল এটা-২২ আৰু পিষ্টলৰ লগতে ১৭ জাঁই গুলী জব্দ কৰিবলৈ সক্ষম হয়৷