newsnextone.com | গুৱাহাটীঃ ৩০ জুলাইৰ পুৱা ৯ বিজা ৪৫ মিনিটত এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশ পাব। ৩০ জুলাই অসমীয়া জাতি সাক্ষী হৈ ৰ'ব স্বৰ্ণিল ইতিহাসৰ। অসমীয়াৰ বাবে ঐতিহাসিক ক্ষণ হৈ ৰব ২০১৮ চনৰ ৩০ জুলাইৰ দিনটো। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক কাৰ্যালয়ে ৰাজ্যবাসীৰ বাবে চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ লগে লগে জনতাই বছৰ বছৰে কৰা সংগ্ৰামৰ ফল লাভ কৰিব।

অসমৰ ইতিহাসত ২০১৮ চনৰ ৩০ জুলাই ইতিহাসৰ চৰ্চাৰ দিন বৈ ৰব৷ অসমীয়াই পাহৰিব নোৱাৰিব এই দিনটোক৷ কিয়নো প্ৰকাব পাব প্ৰতীক্ষিত উৎকন্ঠাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাখন।

০১ আগষ্টৰ পৰা এনআৰচিত কেনেকৈ চাব আপোনাৰ নামটো৷ ৱেবচাইড, এছএমএছ যোগেও চাব পাৰিব নাম৷ ফোনযোগে 97655-56555 নম্বৰত মেচেজ প্ৰেৰণ কৰি লাভ কৰিব পাৰিব নিজৰ নাম৷ www.nrcassam.nic.in, www.assam.mygov.in, www.assam.gov.in, www.Homeandpolitical.assam.gov.inত চাব পাৰিব আপোনাৰ নতুবা পৰিয়ালটোৰ সদস্যৰ নাম।

আনহাতে ১ আগষ্টৰ পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ সকলো সেৱা কেন্দ্ৰত থাকিব খচৰা কপি৷ প্ৰায় ২৫০০ সেৱা কেন্দ্ৰত উপলদ্ধ হ’ব খচৰাৰ কপি৷