মৰিয়নীত পুনৰ জীৱশ্ৰেষ্ঠৰ নৃশংসতাৰ বলি হ'ল ২ বছৰীয়া মাইকী নাহৰফুটুকীৰ পোৱালি এটা।

মৰিয়নী ধপাতবাৰী বাগিচাৰ চাওৰা বস্তিত বিগত কিছু দিনৰপৰা সন্ত্ৰাস চলাই আছিল৷ শনিবাৰে চাওৰা বস্তিৰ মদন ঘাতুৱাৰ (৩৫) নামৰ এজন লোকক আক্ৰমণ কৰে বাঘটোৱে৷

নাহৰফুটুকীৰ আক্ৰমণত যুৱকজন মুখমণ্ডল আৰু হাতত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়৷

অঞ্চলটোত নাহৰফুটুকী এটা থকাৰ কথা বনজুইৰ দৰে বিয়পি পৰে৷ চাওৰা বস্তিৰ স্থানীয় উত্তেজিত ৰাইজে নাহৰফুটুকীটোৰ সন্ধানত হাতত দা-কুঠাৰ লৈ উলায় আৰু ৰাইজৰ আক্ৰমণত নিহত হয় নাহৰফুটুকীৰ পোৱালিটো।