লংকাঃ ৰাজ্যত এতিয়া জনসাধৰণৰ লগে লগে নিৰাপত্তাহীনতাত বন্য জীৱ-জন্তু৷ একাংশ বনদস্যু বীৰাপ্পানৰ দৰে মানুহে গভীৰ বনঞ্চলসমূহ ধ্বংস কৰাত জীৱ-জন্তুসমূহ খাদ্যৰ সন্ধানত হাহাকাৰ কৰিব লগা হৈ জনা্চলত ওলাই আহিব লগা হৈছে৷ পেটৰ তাড়ণাত জনাঞ্চললৈ ওলাই অহা গঁড়, হাতী, হৰিণা আদি জীৱ-জন্তুসমূহ অৰঙে-দৰঙে ঘূৰি-ফুৰি আঁকোৱালি ল’ব লগা হৈছে মৃত্যুক৷ কেতিয়াবা দি মানুহৰ হাতত প্ৰাণ দিব লগা হৈছে আকৌ কেতিয়াবা ৰেলৰ খুন্দাত প্ৰাণ দিব লগা হয় অবুজ প্ৰাণীবোৰে৷

একাংশ মানুহেই যেন হৈ পৰিছে মৃত্যুদূত৷ এচাম নিঃকৰুণ মানুহে চোৰাংভাৱে গঁড় হত্যা কৰি আহিছে অৰ্থৰ লোভত৷ এনে বহু ঘটনাৰ মাজতেই শনিবাৰে নিশা হোজাই জিলাৰ লংকাত বন বিভাগ আৰু ৰেল বিভাগৰ সমন্বয়হীনতাৰ ফলতেই দুৰ্ঘটনাত পতিত হৈ পুনৰ প্ৰাণ হেৰুৱালে চাৰিটাকৈ বনৰীয়া হাতীয়ে। নিশা প্ৰায় ৯-৩০ বজাত হোজাই জিলাৰ লংকাৰ হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো।

১৫৬১১ নম্বৰৰ উজনিমুৱা গুৱাহাটী-শিলচৰ যাত্ৰীবাহী ৰেলখনে শনিবাৰে হাৱাইপুৰ আৰু লুমচাখাং ৰেল ষ্টেচনৰ মাজৰ ১৬৭ নম্বৰৰ মাইল পোষ্টৰ ওচৰত ৰেল লাইন পাৰ হ’বলৈ ধৰা ৫টা হাতীক খুন্দা মাৰে। ঘটনাটোত চাৰিটা হাতী নিহত হোৱাৰ লগতে এটা হাতী গুৰুতৰ ভাবে আহত হৈ যন্ত্ৰনাত ছটফটাই থাকে। হাতী কেইটাক খুন্দা মৰাৰ ফলত ৰেলখনৰ ইঞ্জিন লাইনচ্যুত হয়। লগে লগে ৰেল যাত্ৰী সকলৰ মাজত আতংকই বিৰাজ কৰে। অৱশ্যে ৰেলখনৰ যাত্ৰী সকলে আঘাট নোপোৱাকৈ কথমপি ৰক্ষা পৰে। ৰেলখন লাইনচ্যুত হোৱাৰ ফলত ৰেলপথ আৱদ্ধ হৈ পৰে।

ফলত লামডিঙত বিজি এক্সপ্ৰেছ আৰু লংকাত কামৰূপ এক্সপ্ৰেছ বহু সময় ধৰি আৱদ্ধ হৈ পৰে। দুৰ্ঘটনাটোৰ খবৰ বিয়পি পৰাত দুৰ্ঘটনাস্থলীত লোকে লোকাৰণ্য হৈ পৰে। বন বিভাগৰ লোকৰ লগতে ৰেল বিভাগৰ লোকো ঘটনাস্থলীত উপস্থিত হয়৷ উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লামডিংস্থিত মাণ্ডলিক কাৰ্যালয়ৰ পৰা ৰেল বিভাগৰ উদ্ধাৰকাৰী দল আহি নিশাই লাইনচ্যুত ৰেলৰ ইঞ্জিনটো আতৰোৱাৰ চেষ্টা কৰে। দুৰ্ঘটনাত নিহত হোৱা তিনিটা বনৰীয়া হাতী ৰেলৰ ইঞ্জিনটোৰ ভিতৰতে সোমাই আছিল।

তদুপৰি নিহত আন এটা বন্য হস্তী আৰু আহত বন্য হস্তীটো ৰেল লাইনৰ বাহিৰত পৰি আছিল। ৰেল বিভাগৰ উদ্ধাৰকাৰী দলে দুৰ্ঘটনাত পতিত হৈ লাইনচ্যুত হোৱা ৰেলৰ ইঞ্জিনটো আতৰোৱাৰ লগতে আন এটা ইঞ্জিন আনি গুৱাহাটী-শিলচৰ ৰেলখন যাত্ৰী সহ সেই স্থানৰ পৰা স্থানান্তৰিত কৰে। ইপিনে বন বিভাগৰ লোকে সংবাদ মাধ্যমৰ পৰা সমগ্ৰ ঘটনাক এন্ধাৰত ৰাখিব বাৰে বাৰে চেষ্টা কৰা পৰিলক্ষত হৈছিল৷

আনহাতে বন বিভাগে নিশাই বনৰীয়া হাতীকেইটা পুতি থয়। দেওবাৰে দিনৰ ১১.৩০ বজাত বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ঘটনাস্থলীত উপস্থিত হয়৷ বনমন্ত্ৰী উপস্থিত হোৱাৰ সময়তে উত্তেজিত লোকসকলে বনমন্ত্ৰী মূৰ্দাবাদ ধ্বনি দিয়াৰ লগতে ৰেল মন্ত্ৰী মূৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ বনমন্ত্ৰীয়ে ৰেল বিভাগে বন বিভাগৰ কথা নুশুনে বুলি মন্তব্য আগবঢ়ায়৷