newsnextone.com | খাৰুপেটীয়াঃ বন বিভাগ-আৰক্ষীৰ বিৰুদ্ধে সততে বন্যপ্ৰাণীক নিৰাপত্তা দিব নোৱাৰাৰ লগতে চোৰাং চিকাৰীক ধৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয়৷ অসম আৰক্ষীয়ে বন বিভাগৰ সুৰক্ষা কৰ্মীৰ সৈতে লগলাগি চোৰাং চিকাৰী গ্ৰেপ্তাৰ অভিযান আৰম্ভ কৰিছে৷ যাৰ ফলত বিগত দিনত কেইবাগৰাকী চোৰাং চিকাৰী জালত পৰিছে। 

চোৰাং চিকাৰীৰ পিছত নেৰানেপেৰাকৈ লাগিছে ৰাজ্যৰ আৰক্ষী-বনকৰ্মী৷ চোৰাং চিকাৰী যিমানেই সক্ৰিয় হৈ উঠিছে, সমানেই সতৰ্ক হৈ পৰিছে  আৰক্ষী আৰু বনকৰ্মী৷ এইবাৰ দৰঙত নিৰাপত্তাৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৪জন চোৰাং চিকাৰীক।

শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিছে চোৰাং চিকাৰীকেইজন।ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যাৰ পৰিকল্পনাক বাস্তৱ ৰূপ দিয়াৰ আগমুহুৰ্ততে ৪জন গঁড় চিকাৰীক দৰং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

দৰঙৰ দলগাঁৱত আৰক্ষীয়ে আটক কৰিলে চাৰিজনকৈ চোৰাং চিকাৰীৰ। উদ্যান খনৰ  সমীপৰ কাছোঁমাৰী সোণাৰি গাঁৱত বাঁহৰ পাতি থকা অৱস্থাত চাৰিজনকৈ চোৰাং চিকাৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। উদ্যান খনৰ ওচৰৰে দুজন চোৰাং চিকাৰীয়ে নগালেণ্ডৰ পৰা আনিছিল বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত চিকাৰী। কুখ্যাত চিকাৰী ডেনিয়েল এষ্টাম আৰু আলোৰি কিপাকক লগত লৈ সমস্ত কাণ্ডৰ পৰিকল্পনা কৰা বুলি আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে অসমৰ চিকাৰীয়ে।

নগা চোৰাং চিকাৰীৰ সহায়ত উদ্যানত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে শনিবাৰে নিশা কাছোঁমাৰী গাঁৱৰ নুৰ হুছেইনৰ ঘৰত অভিযান চলাই নুৰ হুছেইনক আটক কৰাৰ লগতে আবুল হুছেইন আৰু নগা চোৰাং চিকাৰী ডেনিয়েল এষ্টাম আৰু আলোৰি কিপাক আটক কৰে লগতে দুটা ৩.৩  ৰাইফল, এটা ৯ এম এম কাৰ্বাইন আৰু চাৰি জাই সজীৱ গুলী উদ্ধাৰ কৰে।