কামপুৰঃ কামপুৰ পলসা গাঁৱত হাৰিয়া নদীত বায়েকৰ লগত গা ধুবলৈ গৈ ৪ বছৰীয়া এটি শিশু সন্ধানহীন হৈ আছে। ইফালে এটি কন্যা শিশুক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোক। 

বৰ্তমানলৈকে স্থানীয় লোকে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত সন্ধান পোৱা নাই ৪ বছৰীয়া শিশুটিৰ। সন্ধানহীন শিশুটোৰ নাম বিশাল বিশ্বাস। 

সন্ধানহীন শিশুটি বায়েক মাধৱী বিশ্বাসৰ লগত হাৰিয়া নদীত গা ধুবলৈ গৈছিল, কিন্তু সুভাগ্য ক্ৰমে মাধৱী বিশ্বাসক স্থানীয় এজন লোকে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইফালে শিশুটি উদ্ধাৰৰ বাবে নদীৰ পাৰত একাংশ লোকে পূজা-অৰ্চনাও কৰা পৰিলক্ষিত হয়।