মুম্বাইঃ নীৰজা ছবিখনত এগৰাকী সাহসী নাৰীৰ চৰিত্ৰত বলিষ্ঠ অভিনয়ৰ গুণতে শ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰাম মাধবনী পৰিচালিত ছবিখনে। লগতে স্পেচিয়েল মেনশ্যন বঁটা আৰ্জন কৰিবলৈ সক্ষম হৈছে সোণম কাপুৰ।

আকৌ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰি উৎফুল্লিত হৈ পৰিছে 'চিধে-চাধে’ অক্ষয় কুমাৰ। ৰুষ্টম চিনেমাখনত এজন নৌসেনা বিষয়াৰ অভিনয় কৰি এই বঁটা লাভ কৰিছে অক্ষয়ে।

ইয়াৰ লগতে আটাইতকৈ চিনেমা-অনুকূল ৰাজ্য হিচাপে সন্মান লাভ কৰিছে উত্তৰ প্ৰদেশে। একেদৰে ঝাৰখণ্ডক এই শিতানত স্পেচিয়েল মেনশ্যন বঁটা দিয়া হৈছে। 

নাৰীৰ সামাজিক সুৰক্ষাৰ স্পৰ্শকাতৰ বিষয়ৰ উত্থাপন কৰা অমিতাভ বচ্চন অভিনীত পিংক ছবিখনে সামাজিক সমস্যাৰ প্ৰতিফলনকাৰী শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে। 

  • শ্ৰেষ্ঠ পৰিচালকঃ ৰাজেশ মাপুস্কৰ (ভেণ্টিলেটৰ)
  • শ্ৰেষ্ঠ সহযোগী অভিনেতাঃ মনোজ জোশী
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীঃ জাইৰা ৱাশ্চিম (দংগল)
  • শ্ৰেষ্ঠ শিশু ছবিঃ ধনক (হিন্দী)
  • শ্ৰেষ্ঠ শিশু অভিনেতাঃ আদিশ প্ৰবীণ, সজ, মনোহৰা 
  • শ্ৰেষ্ঠ গায়কঃ ইমান চক্ৰৱৰ্তী
  • শ্ৰেষ্ঠ গায়িকাঃ ইমান চক্ৰৱৰ্তী 
  • শ্ৰেষ্ঠ স্পেচিয়েল ইফেক্টঃ শিৱায় 
  • কৃষিৰ ওপৰত শ্ৰেষ্ঠ পৰিবেশসংক্ৰান্ত ছবিঃ দা টাইগাৰ হু ক্ৰচড দা লাইন
  • শ্ৰেষ্ঠ সংংগীত পৰিচালকঃ বাবু পদ্মানাভ 

তালিকাত অসমীয়াঃ

  • শ্ৰেষ্ঠ অসমীয়া ভাষাৰ চলচিত্ৰঃ মাজ ৰাতি কেতেকী
  • শ্ৰেষ্ঠ মৰান ভাষাৰ চলচিত্ৰঃ হান্দুক