চাৰি ঘন্টাজোৰা অগপৰ কাৰ্যনিৰ্বাহক সভাত লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত দলে কি ক’লে? 

গুৱাহাটীঃ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'য় অসম গণ পৰিষদৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। লোকসভা নিৰ্বাচন সম্পৰ্কীয় আলোচনাৰ বাবে পতা প্ৰায় চাৰি ঘন্টাজোৰা সভাখনতো নহ'ল লোকসভা নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত কোনো সিদ্ধান্ত।

মিত্ৰতাৰ বিষয়টোত ঐকমত্যত উপনীত হ'ব নোৱাৰিলে আঞ্চলিক দলটো। ইয়াৰ বিপৰীতে নিৰ্বাচনৰ ৰণনীতি তৈয়াৰ কৰিবলৈ গঠন কৰা কমিতিৰ ওপৰতে মিত্ৰতাৰ বিষয়টো চালিজাৰি চোৱাৰ দায়িত্ব এৰিলে আজিৰ সভাই। এই কথা জানিবলৈ দিলে দলৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাই।

"মিত্ৰতা সন্দৰ্ভত আজিৰ সভাই কোনো সিদ্ধান্ত লোৱা নাই। সভাপতি অতুল বৰাৰ নেতৃত্বত প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্তকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাক লৈ গঠিত ৰণনীতি প্ৰস্তুত কমিতিয়ে সকলো দিশ চালি জাৰি চাই দলৰ মজিয়াত উত্থাপন কৰিব।

দলটোৰ এক ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে লোকসভা নিৰ্বাচন এটা পক্ষই বিজেপিৰে পুনৰ মিত্ৰতাৰ সপক্ষে ঠিয় দিয়াৰ বিপৰীতে একাংশই দলটো য়ুপিএ ৰ অংশীদাৰ হোৱাৰ পোষকতা কৰিছে। তেনে ক্ষেত্ৰত এতিয়া দোধোৰমোধোৰ অৱস্থাত দলৰ নেতৃত্ব। অগপই অকলে অৱতীৰ্ন হোৱাৰো পক্ষপাতি যথেষ্ট সংখ্যক।

আনকি অকলে অৱতীৰ্ণ হোৱাৰ সম্ভৱনা নুই কৰা নাই সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতাইয়ো। কিন্তু অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'লে ২০১৪ ৰ নিৰ্বাচনৰ পুনৰাবৃতি ঘটাক লৈয়ো শংকিত নেতৃত্ব। আজিৰ সভাতেই ভূপেন ৰায়ক সভাপতি আৰু বিধায়ক পবিন্দ্ৰ ডেকাক আহ্বায়ক হিচাপে লৈ লোকসভা নিৰ্বাচনৰ বাবে দলৰ আহ্বায়ক কমিতিয়ো গঠন হয়।