কোকৰাঝাৰঃ উত্তৰ পূৰ্বাঞ্চলৰ দুখন ৰাজ্যৰ ৮ খন আৰক্ষী থানাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ দিনটোতে অসমৰ কোকৰাঝাৰ জিলাত চলিছে উগ্ৰপন্থী বিৰোধী বৃহৎ অভিযান৷

কোকৰাঝাৰ নহয় যেন ভাৰত-পাকিস্তানৰ সীমান্ত হে৷ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযান সদৃশ পৰিস্থিতি এতিয়া কোকৰাঝাৰত৷ NDFB(S)ৰ নেতাক জালত পেলাবলৈ সেনাই হেলিকপ্টাৰেৰে চলাইছে অভিযান৷ 

NDFB(S)ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাথাৰ বিৰুদ্ধে যোৱা কেইবা ঘণ্টা ধৰি চলিছে অভিযান৷ প্ৰায় ৫০০ সেনাৰ জোৱানে অটব্য জংঘলত, খেতি পথাৰত চলাইছে অভিযান।

এনডিএফবিৰ দুধৰ্ষ নেতা জি বিদাই আৰু বাথাৰ সন্ধানত ভাৰতীয় সেনাবাহিনীয়ে মানাহৰ বনাঞ্চলত আৰু ৰিপু চিৰাং বনাঞ্চলত আৰম্ভ কৰিছে ব্যাপক অভিযান।

অসম আৰক্ষীৰ মষ্ট ওৱাণ্টেট আৰু বহু দুৰ্ষ্কাৰ্যৰ নায়ক এনডিএফবি(এচ)ৰ দুধৰ্ষ নেতা জি বিদাই আৰু বাথাক ধৰিবলৈ অসম আৰক্ষী তথা সেনাবাহিনীয়ে ইয়াৰ পূৰ্বেও কেইবাবাৰো অভিযান চলাইছিল যদিও প্ৰতিবাৰেই নিৰাপত্তাৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হয়৷ 

পুনৰ সেনাই জি বিদাই আৰু বাথাক কোকৰাঝাৰত বাহৰ পাতি থকাৰ খবৰ লাভ কৰে৷ এনডিএফবি(এচ)ৰ দুই দুধৰ্ষ নেতা জি বিদাই আৰু বাথাৰ সন্ধানত মানাহৰ ঘন জংঘলত আৰু ৰিপু চিৰাং বনাঞ্চলত এচএচবিৰ সহযোগত সেনাই আৰম্ভ কৰা এই অভিযানত হেলিকপ্টাৰ ব্যৱহাৰ কৰাৰ লগতে শ-শ সেনাই অভিযানত অংশগ্ৰহণ কৰিছে।

সেনাৰ অভিযানৰ ফলত উক্ত এলেকাবোৰত সম্প্ৰতি যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে আৰু এইবেলি সেনাই সফলতা লাভ কৰিব বুলি সেনাৰ এক সূত্ৰই আশা প্ৰকাশ কৰিছে।