নতুন দিল্লীঃ কেইবা দশক পুৰণি অযোধ্যাৰ ৰাম জন্মভূমি বাবৰি মজছিদ বিবাদৰ সৰ্বগ্ৰাহ্য সমাধানৰ বাবে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তিনিজন মধ্যস্থতাকাৰীক নিয়োগ কৰিছে। 

উচ্চতম ন্যায়ায়লয়ৰ প্ৰাক্তন ন্যায়াধীশ এফ এম ইব্ৰাহীম কালিফুল্লা, আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পানচুক দেশৰ শীৰ্ষ আদালতখনে এই বিবাদ নিষ্পতিৰ বাবে সকলো পক্ষৰ লগত আলোচনা কৰি সমাধান সূত্ৰ উলিয়াবলৈ নিৰ্দেশ দিয়ে। এই মধ্যস্থতাকাৰীকেইজনে তেওঁলোকৰ কাম অতি গোপনে, আনকি সংবাদ মাধ্যমৰপৰা আঁতৰত থাকি কৰিব লাগিব।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া বিচাৰ পীঠে আজি এই অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ গগৈয়ে নিৰ্দেশনাটো জাৰি কৰাৰ সময়ত কয় যে মধ্যস্থতাৰ কৌশল গ্ৰহণ কৰা হ’ব। ইয়াত কোনো আইনী বাধা দেখা পোৱা নাাযায়। মধ্যস্থতাৰকাৰীসকলে তেওঁলোকৰ প্ৰয়োজনত আন আন লোককো তেওঁলোকৰ সমিতিখনত অন্তৰ্ভুক্ত কৰিব পাৰিব। 

অহা শুকুৰবাৰে মধ্যস্থতাকাৰীসকলে ফৈজাবাদত এই বিবাদৰ আবেদনকাৰীসকলৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁলোকে আঠ সপ্তাহৰ ভিতৰত তেওঁলোকৰ কাম-কাজৰ খতিয়ান উচ্চতম ন্যায়ালয়ক দাখিল কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ে যোৱা দুবছৰৰপৰা এই বিবাদ নিষ্পতিৰ বাবে আলোচনাত গুৰুত্ব দি আহিছে। যোৱা বুধবাৰৰ শুনানিৰ সময়ত চুন্নি ৱাকফ বোৰ্ড আৰু নিৰ্মূহি আখাৰা নামৰ হিন্দু আবেদনকাৰী গোটটোক বাদ দি সকলোৱে আলোচনা পক্ষত থকাৰ বাবে উচ্চতম ন্যায়ালয়ে আজি এই সিদ্ধান্ত গ্ৰহণ কৰে৷

ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছতেই শ্ৰী শ্ৰী ৰবি শংকৰে টুইট কৰে, ‘সকলোকে সন্মান কৰি, কল্পনাত বাস্তৱায়িত কৰিবলৈ, অতি পুৰণি এটা বিবাদ সমাজত সম্প্ৰীতি বজাই ৰাখি আনন্দেৰে সমাধান কৰিবলৈ আমি সকলোৱে একেলগে আগবাঢ়িব লাগিব৷’