newsnextone.com| ডিজিটেল ডেস্কঃ গোলকীয় উষ্ণতা বৃদ্ধিত চিন্তিত বিশ্বৰ সকলো দেশ৷ গোলকীয় উষ্ণতা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি তথা বিশ্ব পৰিবেশ দিৱসত সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো হাজাৰ হাজাৰ অনুষ্ঠান-প্ৰতিষ্ঠানে বৃক্ষৰোপন কৰে৷ প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ পৰিণাম ফল স্বৰূপে মানুহৰ বিস্তৰ ক্ষতি হৈ আহিছে৷

প্ৰকৃতিৰ বুকুত লহপহকৈ বাঢ়ি অহা গছ-গছনি কাটি তহিলং কৰি মানুহে খোদ বিপদ চপাই আনিছে৷ মানুহে প্ৰয়োজনতকৈ অধিক অত্যাচাৰ কৰিছে প্ৰকৃতিক৷ চৰকাৰৰ দায়িত্ব হ’ল এনে কাণ্ড ৰোধ কৰা৷ কিন্তু এইবাৰ দিল্লীত চৰকাৰী বিভাগৰ পৃষ্ঠ পোষকতাতে গছ কাটি তহিলং কৰা হ’ল৷ 

দক্ষিণ দিল্লীত ৬টা ক’লনিত চৰকাৰী গৃহ নিৰ্মাণ কৰিবলৈ ১৬ হাজাৰ জোপা গছ কাটি তহিলং কৰা হয়৷ যাৰ বাবে উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগা হয়৷ নেচ’নেল বিল্ডিঙ কনষ্ট্ৰাকটেড ক’অপাৰেচন চমুকৈ এনবিচিচিৰ নিৰ্দেশত গছ কটাৰ বিৰোধীতা কৰি উচ্চ ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰে৷ গছ কটা কাৰ্যক উভতি ধৰি হাজাৰ গছ ধ্বংস কৰাৰ বিনিময়ত এই কাম পূৰণ কৰাৰ প্ৰয়োজন আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে উচ্চ ন্যায়ালয়ে৷

উচ্চ ন্যায়ালয়ে কয় যে পথ-ঘৰ সাঁজিবলৈ যদি গছ কটা হৈছে তেন্তে থিক আছে৷ তাৰ লগে লগে এনবিচিচক উভতি ধৰি আপোনালোক চৰকাৰী এজেন্সি নহয় বুলি কয়৷ আমি চৰকাৰী এজেন্সিৰ কথা শুনিব বিচাৰো বুলিও কয়৷ নেচ’নেল গ্ৰীণ ট্ৰিবিউনেল চমুকৈ এনজিটিৰ নিৰ্দেশ ক’ত যিটো নিৰ্দেশৰ দ্বাৰা গছ কটা হৈছে বুলি কয় ন্যায়ালয়ে৷ 

ন্যায়ালয়ে কয় যে এনজিটি অৰ্থাৎ নেচ’নেল গ্ৰীণ ট্ৰিবিউনেলত শুনানি হ’ব৷ নেচ’নেল বিল্ডিঙ কনষ্ট্ৰাকটেড ক’অপাৰেচনৰ লোকে এই কামৰ বাবে ডিডিএত ৮ কোটি টকা জমা কৰি কামৰ বাবে অনুমতি লৈছিল৷ আনহাতে গছৰ স্বতাধিকাৰীয়ে গছ কাটিবলৈ অনুমতি প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে৷ দিল্লী উচ্চ ন্যায়ালয়ে এই বিষয়ত হস্তক্ষেপ কৰাৰ হেতুকে এনবিচিচিয়ে ৪ জুলাই লৈকে গছ কটা নহ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ শেহতীয়াকৈ ২ জুলাইত এই বিষয়ক লৈ নেচ’নেল গ্ৰীণ ট্ৰিবিউনেলে শুনানিৰ দিন ধাৰ্য কৰে৷