টীয়ক: আজি প্ৰায় এমাহ ধৰি যোৰহাট জিলাৰ টীয়ক নগৰ এলেকাকে সামৰি বৃহত্তৰ অঞ্চলটোত সঘন বিদুৎ কৰ্তনে গ্ৰাহক সকলক সমস্যাত পেলোৱাৰ লগতে বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু ছাত্ৰ-ছাত্ৰী সকলৰ নিয়মীয়া অধ্যয়নত ব্যাঘাত জন্মাইছেl

টীয়ক নগৰৰ জগদুৱাৰস্থিত উজনি অসম বিদুৎ বিতৰণ কোম্পানীৰ দ্বাৰা পৰিচালিত এই বিদুৎ যোগান ব্যৱস্থাৰ সেৱা অতি দুখজনক ভাৱে নিম্নগামী হোৱা পৰিলক্ষিত হৈছেl দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত কোনো ধৰণৰ নিয়মীয়া নীতি নিয়ম নোহোৱাকৈ গ্ৰাহক সকলৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য নাৰাখি টীয়ক নগৰৰ জগদুৱাৰ স্থিত উজনি অসম বিদুৎ  বিতৰণ কোম্পানীৰ নিজৰ খেৱালখুচি মতে বিদুৎ কৰ্তন কৰা পৰিলক্ষিত হোৱাৰ লগতে সমগ্ৰ বিষয়টোত গ্ৰাহক সকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে l

সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত উজনি অসম বিদুৎ বিতৰণ কোম্পানীৰ উচ্চ পৰ্য্যায়ৰ বিষয়া সকলে গুৰুত্ব আৰোপ কৰি তৎকালিন এক কাৰ্য্য ব্যৱস্থা গ্ৰহণ কৰিবলৈ গ্ৰাহক সকলে দাবী জনাইছে l