![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/goy.jpg?itok=LKSDptcS)
newsnextone.com | ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় কংগ্ৰেছে দেওবাৰে কলিয়াবৰৰ সাংসদ তথা কংগ্ৰেছ নেতা গৌৰৱ গগৈক পশ্চিম বংগ কংগ্ৰেছৰ প্ৰভাৰী হিচাপে নিযুক্তি দিয়ে৷ পূৰ্বে পশ্চিম বংগ কংগ্ৰেছৰ প্ৰভাৰীৰ দায়িত্বত আছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা চিপি যোশীয়ে৷ চিপি যোশীৰ ঠাইত গৌৰৱ গগৈক নিযুক্তি দিয়ে৷
২০১৪ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে জয় লাভ কৰিছিল গৌৰৱে৷ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা যোৱা ৪টা বছৰে সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰি দেশৰ ৰাজনীতিত পৰিচিত হৈ পৰে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিভিন্ন অনুষ্ঠানত গৌৰৱে অংশ লোৱা দেখা যায়৷
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰৰ গৌৰৱ গগৈক ২০১৮ বৰ্ষৰ শ্ৰেষ্ঠ সাংসদৰো বঁটা আগবঢ়ায় ‘ফেইম ইণ্ডিয়া’ নামৰ আলোচনী খনে। আলোচনী খনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ সেৱা আগবঢ়োৱাৰ বাবে সাংসদ গগৈক সন্মান আগবঢ়াইছিল।