ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জেডিএছৰ মুৰব্বী এইচ ডি কুমাৰস্বামীয়ে বুধবাৰে আবেলি বিধানসভাৰ বাহিৰৰ পথাৰত মুখ্যমন্ত্ৰী হিচাপে শপত লয়। ৰাজ্যপাল বাজুভাই বালাই গোপনীয়তাৰ শপত বাক্য কৰোৱাৰ পিছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈ পৰে কুমাৰস্বামী।

ৰাজ্য্যখনৰ সৰ্ব্বাংগীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰি মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ প্ৰতিটো সমস্যা দূৰ কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে কুমাৰস্বামীয়ে৷ আনহাতে মুখ্যমন্ত্ৰী আসনখনত কেতিয়াও কোনো ধৰণৰ দাগ লাগিব নিদিয়ে বুলি কয় কুমাৰস্বামীয়ে৷

আনফালে, মুখ্যমন্ত্ৰী হিচাপে কুমাৰ স্বামীৰ শপত গ্ৰহণৰ পিছতে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে শপত লয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জী পৰমেশ্বৰেও৷ 

শপত গ্ৰহণৰ পিছতে ৰাজ্যপাল বাজুভাই বালাক ফুলৰ থোপা উপহাৰ দিয়ে কুমাৰ স্বামীয়ে৷ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে উপস্থিত নেতা-বিধায়ক তথা কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীয়ে কুমাৰস্বামীক অভিনন্দন জ্ঞাপন কৰে৷ ৰাজ্যবাসীক প্ৰদান কৰা সকলো প্ৰতিশ্ৰুতি নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰণ কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰে৷ 

বুধবাৰে অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জী, বিএছপিৰ মুৰব্বী কুমাৰী মায়াৱতী, আৰজেডি নেতা লালু পুত্ৰ তেজস্বী যাদৱ, অন্ধ্ৰৰ মুখ্যমন্ত্ৰী চন্দ্ৰ বাবু নাইডু, আম আদমি পাৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন, এছপি নেতা অখিলে সিং যাদৱৰ লগতে কেইবাজনো বিশিষ্ট নেতা উপস্থিত থাকে৷