ডিফু: সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি বুধবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুতো ঈদ ঈসান আজহাৰ উৎসৱ ধুমধামেৰে পালন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে ৷ এই উপলক্ষে ডিফুৰ মছজিদ প্ৰাংগণত ঈদৰ ২ ৰাকাত ওৱাজিব নামাজ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰি তুলিছে উদ্যোক্তা সকলে ৷ ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ সহস্ৰাধিক ইছলাম ধৰ্মালম্বী লোকে একেলগে ঈদৰ নামাজ সম্পন্ন কৰিব ৷

ডিফু মছজিদ সমিতিৰ পৰা জানিব পৰা মতে, পুৱা ৮.৩০বজাত ডিফু মছজিদ প্ৰাংগনত হাফিজ মৌলানা গিয়াছ উদ্দিন কাছিমীয়ে ঈদৰ নামাজত ইমামতি কৰিব৷ আনহাতে, পৱিত্ৰ ঈদ ঊল আজহাৰ শুভক্ষণত ডিফু চহৰৰ ইছলাম ধৰ্মালম্বী সকলৰ লোকৰ মাজত উচাহৰ ঢল বৈছে ৷

ঘৰে ঘৰে নতুন কাপোৰ কানি ক্ৰয় কৰাৰ লগতে চেৱৈ, বিৰিয়নি, পোলাও বিভিন্ন ব্যঞ্জনেৰে অতিথিক আপ্যায়িত কৰিবলৈ সু ব্যৱস্থা কৰা হৈছে ৷

আনহাতে ঈদৰ পৱিত্ৰ উৎসৱত জিলা খনৰ বিভিন্ন নেতৃস্থানীয় ব্যক্তিয়ে ইছলাম ধৰ্মালম্বী সকললৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে ঈদৰ শুভেচ্ছা জনাই কয়, "পৱিত্ৰ ঈদ উল আজহাৰ পৱিত্ৰ ক্ষণত জিলাখনৰ ইছলাম ধৰ্মালম্বীলোক সকললৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ আৰু মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ৷ পৱিত্ৰ শুভক্ষণত জিলাবাসীৰ মাজত ঐক্য আৰু সম্প্ৰীতিৰ ভাৱ গঢ়ি উঠক আৰু সৱে মিলি এক সুন্দৰ কাৰ্বি আংলং গঢ়াৰ সপোন ৰচিবলৈ সংকল্প লওহক৷

লগতে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য তথা পূব কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণ, জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ জিভি শিৱ প্ৰসাদেও জিলা খনৰ ইছলাম ধৰ্মালম্বী লোকৰ মাজত ঈদৰ উৎসৱে আনন্দ আৰু আশাৰ ৰেঙনি কঢ়িয়াই আনক বুলি শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে ৷