anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিলে এনডিএৰ প্ৰাৰ্থী ৰাজ্যসভাৰ সাংসদ হৰি বংশই। কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰৰ উপস্থিতিত ৰাজ্য সভাৰ প্ৰশাসনিক বিষয়াৰ হাতত মনোনয়ন দাখিল কৰে ৰাজ্যসভাৰ সাংসদ হৰি বংশই।

৯ আগষ্টত অৰ্থাৎ বৃহস্পতিবাৰে ৰাজ্যসভাৰ নতুন উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। সোমবাৰে সংসদৰ শূন্যকালত এই কথা উল্লেখ কৰিছিল ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে। জানিব পৰা মতে, একালৰ জ্যেষ্ঠ সাংবাদিক তথা বিহাৰৰ জেডিইউ দলৰ ৰাজ্যসভাৰ সাংসদ হৰি বংশ এনডিএ তথা শাসকীয় পক্ষৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী যিকোনো প্ৰকাৰে জয়ী কৰিবলৈ চেষ্টা কৰিব।

আনহাতে বিজেপিৰ অন্যতম সহযোগী পঞ্জাৱৰ আঞ্চলিক দল শিৰোমণি অকালী দল আৰু শিৱসেনাই হৰি বংশৰ প্ৰাৰ্থীত্বক মানি লোৱা নাই বুলি জানিব পৰা গৈছে। অকালী দলে তেওঁলোকৰ ৰাজ্যসভাৰ সাংসদ নৰেশ গুজৰালক ৰাজ্যসভাৰ উপাধ্যক্ষ পদৰ বাবে প্ৰাৰ্থী হিচাপে থিয় কৰিব খুজিছিল। কিন্তু অকালী দলে অভিযোগ উত্থাপন কৰা মতে, বিজেপিয়ে কোনো আলোচনা নকৰাকৈ প্ৰাৰ্থী থিয় কৰিছে। সমানে শিৱসেনাও নাৰাজ হৈ পৰিছে।

৯ আগষ্টৰ পুৱা ১১ বজাত জৰুৰী তথ্য পাতি সদনত ৰখা হ'ব আৰু উপাধ্যক্ষ পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব। পূৰ্বৰ উপাধ্যক্ষ পি জে কুৰিয়ানৰ কাৰ্যকাল জুলাই মাহত সমাপ্ত হয়। এনডিএৰ মিত্ৰজোঁটৰ অংশীদাৰী দল বিহাৰৰ জেডিইউৰ নেতাক এই পদ এৰি দি বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে জেডিইউক সন্তুষ্ট কৰাৰ চেষ্টা কৰাৰ প্ৰয়াস কৰিব। কিয়নো দুয়ো দলৰ মাজত সময়ে সময়ে মনোমালিন্য হোৱা দেখা যায়।

আনহাতে বিৰোধী দলৰ উপাধ্যক্ষ পদৰ বাবে এনচিপিৰ নেত্ৰী সাংসদ হৰিপ্ৰসাদ প্ৰাৰ্থী হ'ব।