নতুন দিল্লীঃ পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কৃষ্ণনগৰ লোকসভা সমষ্টিৰপৰা প্ৰথমবাৰৰ বাবে সংসদলৈ নিৰ্বাচিত হৈছে ৪২ বছৰ বয়সীয়া মহুৱা মৈত্ৰা৷ আমেৰিকাত ইনভেছষ্টমেন বেংকাৰ হিচাপে কাম কৰা এই নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে তেওঁৰ প্ৰথমটো তেজস্বী ভাষণেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ 

সাংসদ মৈত্ৰাই কয় যে আমেৰিকাৰ ‘হল’কাষ্ট মেম’ৰিয়েল মিউজিয়াম’ত থকা এখন প’ষ্টাৰত ফেচীবাদ সন্দৰ্ভত উল্লিখিত সাতোটা লক্ষণেই ভাৰতত পৰিস্ফুট হ’বলৈ আৰম্ভ কৰিছে৷ 

‘‘ইতিহাসৰ কোনটো পক্ষত আমি অৱস্থান কৰিম, সেয়া আমি নিজেই সিদ্ধান্ত ল’ব লাগিব... এটা পক্ষত আছে সংবিধান আৰু আনটো পক্ষত আছে শৱদেহক শ্মশানলৈ বাট দেখুৱাই লৈ যোৱা একাংশ৷’’ এয়া তেওঁৰ সকীয়নি৷

বৰ্তমান দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত অগ্নিবৰ্ষা ভাষণেৰে তেওঁ কয় যে বিজেপিয়ে পোৱা জনাদেশক তেওঁ অতি বিনয়েৰে গ্ৰহণ কৰিছে যদিও তেওঁ লগতে কয় যে এই বৃহৎ সংখ্যাই যাতে ‘সংখ্যালঘু’ বা মতৰ অমিল হোৱাসকলৰ মতামতক অস্বীকাৰ নকৰে, সেয়া অতি গুৰুত্বপূৰ্ণ৷

আপোনালোকে ক’ব পাৰে যে ‘আচ্ছে দিন’ আহিছে আৰু চৰকাৰে গঢ়িব খোজা ভাৰতীয়া সাম্ৰাজ্যৰ সূৰ্যাস্ত কেতিয়াও নহ’ব৷ কিন্তু তাৰ মাজতো আপোনালোকে কিছু হেৰুৱাইছে৷ আপোনালোকে যদি আপোনালোকৰ চকুবোৰ বহলকৈ মুকলি কৰে, তেন্তে দেখিব দেশৰ সকলোতে সমাজক টুকুৰা টুকুৰ কৰা হৈছে৷ 

ফেচীবাদ সন্দৰ্ভত তেওঁ উল্লেখ কৰা লক্ষণসমূহ হ’ল দেশত দেখা দিয়া ফোপোলা ৰাষ্ট্ৰীয়তাবাদ যিয়ে দেশখনৰ একতাৰ প্ৰতি ভাবুকি আনিছে, মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন, চৰকাৰৰ নীতিক সমৰ্থন নকৰাসকলক দমন কৰা, সংবাদ মাধ্যমক নিয়ন্ত্ৰণত ৰখা, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত নাগৰিকক বিভ্ৰান্তিত ৰখা আৰু শেষত ধৰ্ম আৰু চৰকাৰক একাকাৰ কৰি পেলোৱা৷

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীয়নৰ সন্দৰ্ভত মৈত্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণীয়ে তেওঁলোকৰ স্নাতক ডিগ্ৰীৰ নথি আজি পৰ্যন্ত দেখুওৱাব পৰা নাই, এনে প্ৰেক্ষাপটত বিভিন্ন অধিকাৰৰপৰা বঞ্চিত তথা দুখীয়া ভাৰতীয় নাগৰিকৰপৰা নাগৰিকত্বৰ তথ্য পাব পাৰিব বুলি আপোনালোকে আশা কৰে? মহুৱা মৈত্ৰাৰ প্ৰশ্ন৷

নৱ-নিৰ্বাচিত সাংসদগৰাকীৰ ভাষণৰ প্ৰতিটো মূহুৰ্ততে এনডিএৰ সদস্য সকলে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত অধ্যক্ষক উদ্দ্যেশি সেই সদস্যসকলক নিয়ন্ত্ৰণ কৰিবলৈ কৈ তেওঁ কয় যে সদনত ‘বৃত্তিধাৰী হুলস্থূল কৰাসকল’ৰ কোনো স্থান নাই৷ 

পেহলু খানৰপৰা আৰম্ভ কৰি ঝাৰখণ্ডৰ শেহতীয়া গণপ্ৰহাৰৰ ঘটনা আঙুলীয়াই দি দেশত ঘৃণাৰ ভিত্তিত সংঘটিত অপৰাধ দ্ৰুত হাৰত বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে৷ এই হাৰ ২০১৪ চনৰপৰা ২০১৯ লৈ দহ গুণ বৃদ্ধি পাইছে৷ এনে অপৰাধ সংঘটিত কৰাৰ বাবে দেশৰ প্ৰতিটো অঞ্চলতে এতিয়া বহু লোক বহি আছে বুলি তেওঁ অভিযোগ কৰে৷

আজিকালি ৰাজভক্তি প্ৰমাণৰ বাবে শ্ল’গান চিঞৰিবলৈ কোৱা হয়৷ কিন্তু দেশভক্তি প্ৰমাণৰ বাবে কোনেও কতো গুৰুত্ব প্ৰদান কৰা নাই৷ 

দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেতত বিভ্ৰান্তি সৃষ্টি কৰা হৈছে আৰু এটা ভুৱা বাতৰি হাজাৰবাৰ প্ৰকাশ কৰি ইয়াক সত্য প্ৰতিপন্ন কৰা হৈছে৷ এই কৌশল ফেচীবাদী হিটলাৰৰ নাৎজি বাহিনীৰ ৰাজনীতিবিদ যোছেফ গোৱেবেলছে প্ৰয়োগ কৰিছিল বুলি তেওঁ সোঁৱৰাই দিয়ে৷