নগাঁও: অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও জিলা শাখাৰ উদ্যোগত শনিবাৰে নগাঁও হোমিঅ’পেথিক মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এখন বিশেষ অভিনন্দন অনুষ্ঠান ৷ শাখা সাহিত্য পৰিষদৰ সভাপতি ভদ্ৰেশ্বৰ ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন প্ৰাপক শিল্পীদ্বয় পৰাণ চন্দ্ৰ দাস আৰু হৰিনাৰায়ণ কোঁৱৰক একোখনকৈ ফুলাম গামোচা, জাপি আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জনোৱা হয় ৷

পৰিষদৰ সহ সচিব প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত অভিনন্দন গ্ৰহণ কৰি শিল্পী হৰিনাৰায়ণ কোঁৱৰে নিজৰ শিল্পী সুলভ জীৱনৰ অভিজ্ঞতা ব্যক্ত কৰি ৰোমাঞ্চিত হৈ পৰা অনুষ্ঠানত আনজন বঁটা প্ৰাপক পৰাণ চন্দ্ৰ দাসে চৰকাৰৰ বিষয়-ববীয়া সকললৈ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে এই যশস্যা মোৰ নহয় এই যশস্যা ৰাইজৰ বুলি মত ব্যক্ত কৰে ৷

সাহিত্য পৰিষদৰ সচিব চন্দ্ৰ শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা মনোজ্ঞ অনুষ্ঠানটিত উজনি অসম (ডিব্ৰুগড়) জিলা শাখাৰ সচিব বিবিজান দত্তই সন্মানীয় অতিথি ৰূপে যোগদান কৰি নগাঁৱৰ দৰে এখন সাহিত্য সংস্কৃতিৰে সমৃদ্ধিশালী ভূমিত খোজ থৈ পুলকিত হৈ পৰা বুলি বক্তব্য দাঙি ধৰে ৷

নগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° দিলীপ শৰ্মা, কুজিদাঁহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ দধি মোহন বৰা, ৰহা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক যতীন্দ্ৰ পাৰৈ আৰু জ্যেষ্ঠ অধিবক্তা কৃপাসিন্ধু অধিকাৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট নাগৰিক উপস্থিত থকা অনুষ্ঠানটিত কাৰুণ্য ভট্টাচাৰ্য, স্মৃতা কলিতা, মালা কাকতি, মুনিন্দ্ৰ শইকীয়া, জেবিন চুলতানা, বুলুপ্ৰভা ৰাজবংশী, গীতাঞ্জলি দেৱী, ভূপেন্দ্ৰ চন্দ্ৰ দাসকে ধৰি বহুকেইগৰাকী কবিয়ে কবিতা পাঠ কৰি সকলোকে কাব্য ৰসৰ সোৱাদ দিবলৈ সক্ষম হয় ৷

অনুষ্ঠানটিত শিশু শিল্পী বিষ্ণুপ্ৰিয়া দাসে পৰিৱেশন কৰা গীতেও অনুষ্ঠানটিক এক বিশেষ মাত্ৰা প্ৰদান কৰে ৷