নলবাৰীঃ কিমান দুৰ্বিসহ হ'ব পাৰে বাৰু দুখীয়াৰ জীৱন? নিঃসংগতা, সমাজৰ বঞ্চনা আৰু দাৰিদ্ৰতাত পিষ্ট হৈ এতিয়াও মুকলি আকাশৰ তলত জীৱন যাপন কৰি আহি আহিছে বহু লোকে! ৰাজ্যত দৰিদ্রতা নাই বুলি চৰকাৰে দাবী কৰিব খোজে যদিও আজিও বহু লোকৰ নাই এখন চালি, এমুঠি অন্ন কিম্বা এখন বস্ত্ৰ।

চৰকাৰৰ কোনো কল্যাণমূলক আঁচনিয়ে ঢুকি নোপোৱা এনে এজন ব্যক্তি হৈছে মৃৎ শিল্পী কৃষ্ণ কান্ত দাস৷ নলবাৰী জিলাৰ ৬১ নং ধৰ্মপূৰ সমষ্টিৰ উন্নয়নৰ এখন বাস্তৱ ছবি এয়া। এটা জৰাজীৰ্ণ ঘৰত পিতৃ-মাতৃ, স্বামী-স্ত্ৰী, পুত্ৰ- কন্যা সহ বসবাস কৰে কৃষ্ণ কান্তই।

চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন হোৱাৰ ঢাক ঢোল বজাই ফুৰিলেও যেন উন্নয়নৰ বাস্তৱ ছবিখন উদঙাই দেখুৱাবলৈ কৃষ্ণ কান্ত নামৰ মৃতশিল্পীজনে বাস কৰা ঘৰটোৱেই যথেষ্ট।

ইয়াত ধনী-টকা থকা মানুহ, মন্ত্ৰী এম.এল.এ.,বিষয়া- কৰ্মচাৰী, নেতা-দালাল নাথাকে। কিন্তু এই ঘৰত জীৱন কটোৱা লোক সকলৰ ভোটেৰে মন্ত্ৰী-এমএলএ হয়। এওঁলোকৰ নামত, এওঁলোকক ঘৰ দিম বুলি নেতা-দালাল আদিয়ে চৰকাৰী আঁচনিৰ ধন লুণ্ঠন কৰি বিশাল সম্পত্তি কৰিছে, দেশ- বিদেশ ঘুৰি ফুৰি পত্নী-পুত্ৰ-কন্যা আদিৰ সৈতে আনন্দ উপভোগ কৰি সামাজিক মাধ্যমত ফটো আপলোড কৰি সুখ-আনন্দত আত্মহাৰা হৈছে, হাজাৰ হাজাৰ কৌটি ৰাইজৰ ধন লুটি দেশ-বিদেশত বিশাল সম্পত্তি কৰে৷

কিন্তু কৃষ্ণ কান্তৰ দৰে গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ বাবে একো কৰা নাই। সেয়েহে ভুক্তভোগী পৰিয়ালটোৱে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।

ইতিমেধ্যেই বিষয়টোৱে সমগ্ৰ জিলাখনতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। ইয়াৰ উপৰি অঞ্চলটোৰ বেছি খিনি দৰিদ্ৰ পৰিয়ালে এসাজ এসাজ ভাতৰ বাবে সংগ্ৰাম কৰিব লগা হয়৷ বেছি খিনি পৰিয়ালৰ আজিও খেৰৰ ঘৰ৷ বহু পৰিয়ালৰ ঘৰৰ পৰা আজিও আকাশ প্ৰত্যক্ষ কৰিব পাৰি৷

গাঁও খনৰ বহু পৰিয়ালৰ দুখে কুলাই পাচিয়ে নধৰা হৈছে৷ বহু পৰিয়াল আজিলৈ পোৱা নাই এটি আৱাসগৃহ নাই পোৱা কোনো চৰকাৰী সা-সুবিধা৷ চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ গাঁওখনৰ বহু পৰিয়ালে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়ে৷

কংগ্ৰেছ-বিজেপি চৰকাৰে কোনো কালে গুৰুত্ব প্ৰদান নকৰা গাঁও খনৰ বাট-পথৰ অৱস্থা দুখ লগা৷ পাটোৱাৰীৰ গৃহ জিলাৰ গাঁও খনৰ ভিতৰৰ পথ সমূহৰ অৱস্থা আজিও জৰাজীৰ্ণ৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা দুৰ্ভগীয় পৰিয়াল সমূহে সন্তানক পঢ়োৱাৰ পৰিবৰ্তে কাম কৰিব দিব লগা হয়৷ গাঁওখনত বহু লোকেই দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰাৰ পিছতো আজিলৈকে চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই।

চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰ এনে পয়া লগা দুৰাবস্থাই বিজেপি চৰকাৰ খনৰ নিষ্কৰ্মতাৰ উদাহৰণ দিছে বুলি সচেতন মহলেও ক্ষোভ প্ৰকাশ কৰিছে।