তামুলপুৰ: তামুলপুৰ মহকুমাৰ বিশিষ্ট সমাজকৰ্মী আচিনা বসুমতাৰীৰ আদ্ৰশ্ৰাদ্ধ উপলক্ষ্যে দেওবাৰে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ ৰাতিপুৱা দহ বজাত নিজ বাসভৱন প্ৰাংগনত তামুলপুৰ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক মথুৰা বসুমতাৰীৰ পৰিচালনাত সভা অনুষ্ঠিত হয়৷

সভাৰ আৰম্ভণিতে বিশিষ্ট সমাজকৰ্মী গৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে সমাজকৰ্মী গৰাকীৰ বাসভৱন চৌহদত এটি স্মৃতি সৌধ আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে৷ পিছত বিশিষ্ট সমাজকৰ্মী গৰাকীৰ সোঁৱৰনত প্ৰকাশ কৰি উলিওৱা "শ্ৰদ্ধাঞ্জলি গ্ৰন্থ" এখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে সমাজকৰ্মী গৰাকীৰ সতীৰ্থ বন্ধু অৱসৰ প্ৰাপ্ত শিক্ষক সোনেশ্বৰ বড়োৱে৷

স্মৃতিচাৰণ সভাত বিটিচিৰ ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেৱেন বড়ো, এমচিএলএ বিজিৎ গৗৰা নাৰ্জাৰী, প্ৰাক্তন এমচিএলএ মদন মোহন মুছাহাৰী, বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকা, জিলা সাংবাদিক সন্থাৰ সভাপতি কামেশ্বৰ দাসৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ডুলুজিৎ দাসে আতঁ ধৰা অনুষ্ঠানটোত স্মৃতিচাৰণ সভাত শ্ৰদ্ধাঞ্জলী গ্ৰন্থখনৰ উন্মোচক সোনেশ্বৰ বড়োৱে সতীৰ্থ বন্ধু গৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰে ৷ লগতে সমাজকৰ্মী আচিনা বসুমতাৰীয়ে ডেকা কালৰে পৰা তামুলপুৰৰ উন্নয়নত কিদৰে হাতে কামে লাগি ভাগি তামুলপুৰক গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছিল তাৰ বহল ব্যাখা দাঙি ধৰে ৷

বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমাজকৰ্মী গৰাকীয়ে তামুলপুৰৰ শৈক্ষিক দিশত কিদৰে গুৰুত্ব দিছিল তাৰ ওপৰত কয় ৷ বি টি চি ৰ কাৰ্যবাহী সদস্য দেৱেন বড়োৱে সমাজকৰ্মী গৰাকীয়ে তামুলপুৰৰ যোগাযোগ ব্যৱস্থা, স্কুল-কলেজৰ নিৰ্মাণৰ কথা কৈ তামুলপুৰৰ উন্নয়নৰ খবৰ লৈ আছিল বুলি কয় ৷

সভাৰ শেষত বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৰমা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম সহ দলীয় সতীৰ্থ সকলে সমাজকৰ্মী গৰাকীৰ পৰিয়ালৰ খবৰ লবলৈ আহে আৰু পৱিত্ৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত হয় ৷