News Next One , বিশ্বনাথ চাৰিআলি , ২৮ আগষ্ট ঃ অাজি শনিবাৰে পুৱাতেই বিশ্বনাথ জিলাৰ অন্তৰ্গত ধুলি চাহ বাগিছাত চাহ শ্ৰমিক সকলৰ মাজত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা মতে যোৱা ১৫ আগষ্টত স্বাধীনতা দিৱস উপলক্ষে বাগিচাৰ কাম বন্ধ হোৱাত নিয়ম অনুসৰি সকলো শ্ৰমিকক হাজিৰা দিয়াটো বাধ্যতামূলক যদিও বাগিচাৰ পৰিছালকে অস্থায়ী শ্ৰমিকক বন্ধৰ হাজিৰা নিদিয়াৰ বাবে শ্ৰমিকৰ মাজত অস্বস্তিকৰ পৰিবেশৰ সুচনা হয় ৷ আনকি পৰিস্থিতি উত্তেজনাময় হোৱা বেতন লোৱাৰ পৰা বিৰত থকা শ্ৰমিক সকলে বিষয়টোৰ সন্দৰ্ভত বাগিচাৰ পৰিছালকৰ সৈতে তুমুল বাত বিতণ্ডতাতো লিপ্ত হয় ৷

যাৰ ফলত আজি শ্ৰমিক সকলে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ পুনৰ প্ৰতিবাদমুখৰ হয় ৷ অৱশেষত বিশ্বনাথ শাখা আটছাৰ সহঃ সম্পাদক সদানন্দ তাতিৰ নেতৃত্বত আটছাৰ সজাতিৰ দল আৰু চাহ মজদুৰ সংঘৰ বিষয়ববীয়াৰে বাগিচাৰ পৰিছালকৰ সৈতে আলোচনাৰ অন্ততঃ বন্ধৰ হাজিৰা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাতহে শ্ৰমিক সকল শান্ত হয় ।

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ