কাজিৰঙাঃ বুধবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে স্বাধীন দ্বীপৰাষ্ট্র গ্রেট ব্রিটেইনৰ সামৰিক বাহিনীৰ মুৰব্বী নিকোলাচ পেট্ৰিক কাৰ্টাৰে৷ ভাৰত ভ্ৰমণলৈ অহা ইউনাটেড কিংডমৰ সামৰিক বাহিনীৰ মুৰব্বী নিক’লাচ পেট্ৰিক কাৰ্টাৰে অসম চৰকাৰৰ আলহী হৈ অসমলৈ আহি বুধবাৰে পুৱাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷

নিকোলাচ পেট্ৰিক কাৰ্টাৰে পৰিয়ালসহ বন বিভাগৰ হাতীৰ পিঠিত উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ এটি বৃহৎ এলেকা ভ্ৰমণ কৰে৷ প্ৰায় দুঘন্টা কাল হাতীৰ উঠি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰে বিষয়াগৰাকীয়ে৷

উদ্যান ভ্ৰমণ কৰি আপ্লুত হৈ পৰে গ্ৰেট বৃটেইনৰ সামৰিক বাহিনীৰ শীৰ্ষ বিষয়াগৰাকী৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কয় যে কাজিৰঙা সঁচাকৈয়ে মনোমোহা। অসম চৰকাৰৰ ৰাজ্যিক অতিথি হিচাপে আহি কাজিৰঙা ভ্ৰমণ কৰি অভিভূত হৈ পৰে শীৰ্ষ সামৰিক বিষয়াগৰাকীয়ে৷ বিষয়াগৰাকীক সংগ দিয়ে ব্ৰিটিছ উচ্চ আয়ুক্তৰ বিষয়াৰ লগতে ভাৰতীয় সেনাৰ এটি দলে৷ ভাৰতীয় সেনাৰ ৪ ক’ৰে সুৰক্ষা আৰু আতিথ্য দিয়ে সেনা বিষয়াগৰাকীক৷