anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ তামিলনাডুৰ টুটিকোৰিনৰ ষ্টাৰ লাইট নামৰ তামৰ উদ্যোগ এটা বন্ধ কৰাৰ দাবীত উত্তাল হৈ পৰিছে তামিলনাডু৷ বুধবাৰে উত্তেজিত প্ৰতিবাদকাৰীয়ে টুটিকোৰিণৰ জেনেৰেল হস্পিতালৰ সন্মুখত এখন বাছ জ্বলাই দিয়ে৷ বুধবাৰে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজৰ সংঘৰ্ষত পুনৰ ১জন লোক নিহত হোৱাৰ লগতে ৩ জন গুৰুতৰভাৱে আহত হয়৷ 

উল্লেখ্য যে, বিগত বহু দিন ধৰি তামিলনাডুৰ টুটিকোৰিনৰ ষ্টাৰ লাইট নামৰ তামৰ উদ্যোগ এটা বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ কিন্তু জনসাধৰণৰ প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰা নাই এআইএডিএমকে চৰকাৰে৷ মঙলবাৰে উদ্যোগৰ সন্মুখত প্ৰায় ৫০ হাজাৰ লোক সমবেত হৈ পুনৰ উদ্যোগটো বন্ধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ 

তেনে সময়তে উত্তেজিত হৈ পৰা প্ৰতিবাদকাৰীয়ে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ ৰাওনা হয় আৰু কিছু সময় পাছতে চৰকাৰী কাৰ্যালয় লণ্ড-ভণ্ড কৰিবলৈ ধৰে৷ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰথমে আৰক্ষীয়ে লাঠিচালনা কৰে তাৰ পিছত গুলিচালনা কৰাত ১১গৰাকী লোকৰ মৃত্যু হয়৷ তামিলনাডু চৰকাৰৰ জয় কুমাৰ নামৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীয়ে হিংস্ত্ৰ ৰূপ ধাৰণ কৰাৰ বাবে গুলিচালনা কৰিব লগা হয় বুলি কয়৷

 

আনহাতে বিৰোধী নেতা এম কে স্তালিনে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰি শীঘ্ৰে উদ্যোগ বন্ধ কৰাৰ দাবী জনায়৷ অভিনেতা ৰজনীকান্ত, কামাল হাছানে নাগৰিক কেতিয়াও অপৰাধী হ’ব নোৱাৰে বুলি কয়৷ কিন্তু তথাপিও প্ৰাণ হেৰুৱাব লগা হ’ল বুলি কয়৷ এয়া চৰকাৰৰ গাফিলতি আখ্যা দি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক প্ৰশাসনে উত্তেজিত কৰা বুলি কয়৷

উল্লেখ্য যে, ২০১৩ চনত উদ্যোগটো স্থাপন হৈছিল৷ জনবসতি প্ৰধান এলেকাত উদ্যোগটো স্থাপন কৰাৰ পিছৰে পৰা বহু লোকৰ বিভিন্ন প্ৰকাৰৰ ৰোগ হ’বলৈ ধৰে৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নীতি উলংঘা কৰি উদ্যোগ স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰে৷ ৰাইজৰ অভিযোগৰ পিছতে প্ৰথমে বন্ধ কৰাৰ নিৰ্দেশ দিয়ে যদিও ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবিউনেলে পুনৰ উদ্যোগটো খোলাৰ নিৰ্দেশ দিয়ে৷ তাম কাৰখানা বন্ধ কৰাৰ দাবীত ৰাইজে প্ৰতিবাদ কৰিবলৈ ওলাই আহি ১১ জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা হয়৷

ইফালে বুধবাৰে টুটিকোৰিণত চিকিৎসাধীন হৈ থকা সংঘৰ্ষত আহত লোক সকলৰ ওচৰত উপস্থিত হয় অভিনেতা কামাল হাচান৷ আহত সকলৰ স্বাস্থ্যৰ বুজ লৈ মত বিনিময় কৰে অভিনেতাগৰাকীয়ে৷ তামিলনাডু চৰকাৰক তীক্ষ্ণ সমালোচনা কৰি পৰৱৰ্তী সময়ত নাগৰিকৰ ওপৰত এনে অমানুষিক অত্যাচাৰ নচলাবলৈ আহ্বান জনায় কামাল হাচানে৷