বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মানুহ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও নিমাত প্ৰশাসন৷ স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, কাৰখানাৰ উদ্যোগত বোকাজান অঞ্চলত সামাজিক তথা উন্নয়ণমূলক কাম কৰা, কাৰখানাটোৰ ১২০০ মেট্ৰিকটন চিমেণ্ট উৎপাদনৰ দ্বিতীয়টো সম্প্ৰসাৰণৰ কাম ১ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা, কাৰখানাত ১০০% থলুৱা নিযুক্তি দিয়াৰ দাবী জনায়৷

এডভান্টেজ অসমৰ জড়িয়তে ৰাজ্যত ঔদ্যোগীকিকৰণৰ ক্ষেত্ৰত বিদেশী বিনিয়োগকাৰীক নিমন্ত্ৰণ কৰি আনি ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ মৃত্যুৰ ক্ষণ গণি থকা ৰাজ্যৰ বৃহৎ তথা ক্ষুদ্ৰ উদ্যাগ সমূহ পুনজ্জীৱিত কৰাৰ ক্ষেত্ৰত বাস্তৱ তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা আদি বিভিন্ন দাবীত শুকুৰবাৰে বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া আৰু কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাই ধূলিৰ বাবে কাৰখানাৰ দাতিকাষৰীয়া অঞ্চল, শিক্ষানুষ্ঠান, বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ব্যৱসায় প্ৰতিষ্ঠান আদিত মানুহ থাকিব নোৱাৰা অৱস্থা কৰা বুলি অভিযোগ উত্থাপন কৰে৷

উল্লেখ্য যে ১৯৭৬ চনতে উৎপাদন কাৰ্য আৰম্ভ কৰা বোকাজান বিলাতী মাটি কাৰখানাক লৈয়ে গঢ়ি উঠিছে বোকাজান মহকুমাৰ আৰ্থ-সামাজিক পৰিবেশ৷ এক কথাত কবলৈ গলে বোকাজান বিলাতী মাটি কাৰখানা পাৰ্বত্য জিলা কাৰ্বি আংলংৰ সম্পদ আৰু গৌৰৱ৷ থলুৱা আৰু স্থানীয় শ্ৰমিকৰ শ্ৰমদানেৰে উৎপাদন কাৰ্য চলাই অহা কাৰখানাটোৱে ভাৰতীয় চিমেণ্ট নিগম ৰুগ্ন হৈ পৰাৰ সময়তো এককভাবে উৎপাদন কৰি লাভৰ মুখ দেখি আহিছে৷ কিন্ত এই লাভজনক উদ্যোগটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনিহা তথা ভাৰতীয় চিমেণ্ট নিগমৰ উদাহীনতাত সম্প্ৰতি মৃত্যুৰ দুৱাৰদলিত৷ ইয়াৰ মূলতেই হল বোকাজান বিলাতী মাটি কাৰখানাৰ আওপুৰণি যন্ত্ৰপাতি৷

বোকাজানবাসীৰ আশা আৰু সপোনৰ চিমেণ্ট কাৰখানাটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ বাবে ২০১০ চনতেই ভাৰতীয় চিমেণ্ট নিগমে প্ৰ'মেক নামৰ ব্যক্তিগত প্ৰতিষ্ঠান এটাক প্ৰায় ১৪৪ কোটি টকাৰ ঠিকা প্ৰদান কাৰ লগতে কাৰখানা কৰ্তৃপক্ষক ধন মোকলাই দিছিল যদিও সামান্য কাম কৰাৰ পাছতেই এই কাম ৰহস্যজনকভাবে বন্ধ হৈ পৰে৷ স্থানীয় ৰাইজ বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত ইয়াৰ প্ৰতিবাদত ভাৰতীয় চিমেণ্ট নিগমক বহুসময়ত হেঁচা প্ৰয়োগ কৰি আহিছে যদিও বোকাজানবাসীয়ে কোনো সুদুত্তৰ আজিলৈকে পোৱা নাই৷

ছাত্ৰ নেতা দুগৰাকীয়ে অভিযোগ কৰি কয় যে যদিহে এই কাৰখানাটোৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হৈ উঠে তেন্তে কাৰখানাটোৰ দৈনিক উৎপাদন ৬০০ টনৰ পৰা ১২০০ মেট্ৰিকটনলৈকে বৃদ্ধি পাব আৰু যথেষ্ট নিয়োগৰ সৃষ্টি হব যিটো ভাৰতীয় চিমেণ্ট নিগমে অদৃশ্য হাতোৰাত হ'বলৈ দিয়া নাই৷ বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি  লক্ষীন্দৰ মহন্ত আৰু সাধাৰণ সম্পাদক হিমাংশু দাসৰ লগতে প্ৰায় ১ হাজাৰ স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত স্মাৰকপত্ৰ প্ৰেৰণ জিলা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক ভৱজ্যোতি বৰা, শিক্ষা সম্পাদক অৰ্ণবজ্যোতি কাকতিৰ উপৰি বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ বহুকেইজন বিষয়-ববীয়া উপস্থিত থাকে৷