বোকাজানঃ ধূলি আৰু দুৰ্গন্ধৰ প্ৰকোপত মানুহ ওলাব নোৱাৰা পৰিৱেশ৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈছে মানুহ৷ তথাপিও কানসাৰ নাই প্ৰশাসনৰ ৷ ভাৰতীয় বিলাতী মাটি নিগমৰ অন্তৰ্গত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত হৈ থকা ধূলিয়ে বৃহৎ অঞ্চলটোৰ কেইবাখনো গাঁৱৰ লোকক ৰোগত আক্ৰান্ত কৰিছে যদিও নিমাত প্ৰশাসন৷ স্বাস্থ্য, সা-সম্পত্তি, জীৱ-জন্তু, কৃষি পথাৰ আদিৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে বিলাতী মাটি কাৰখানাটোৱে৷ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি হৈ পৰা কাৰখানাটোৰ পৰা নিৰ্গত হোৱা ধূলি প্ৰদূষণ ৰোধ কৰা, কাৰখানাৰ উদ্যোগত বোকাজান অঞ্চলত সামাজিক তথা উন্নয়ণমূলক কাম কৰা, কাৰখানাটোৰ ১২০০ মেট্ৰিকটন চিমেণ্ট উৎপাদনৰ দ্বিতীয়টো সম্প্ৰসাৰণৰ কাম ১ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰা, কাৰখানাত ১০০% থলুৱা নিযুক্তি দিয়াৰ দাবী জনায়৷
