newsnextone.com | তামুলপুৰঃ অসম চুক্তিৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত যি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে তাক সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই আন্তৰিকতাৰে সমৰ্থন জনাই আহিছে। কিন্তু দুৰ্ভাগ্যজনক ভাবে এনআৰচিৰ দ্বিতীয় তথা চূড়ান্ত খচৰাত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পৰাটো সাম্প্ৰতিক সময়ত দুৰ্ভাগ্যজনক বিষয় হিচাপে বিবেচিত হৈছে। 

আজি বাক্সা জিলাৰ তামুলপুৰ প্ৰেছ ক্লাৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিয়ে আয়োজন কৰা এক সংবাদ মেলত এই অভিযোগ কৰে জিলা সমিতিৰ সভাপতি টাইচন হুছেইনে। আজি আবেলি ৪.৩০ বজাত অনুষ্ঠিত সংবাদমেল খনক সম্বোধি টাইচন হুছেইনে কয় যে, এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা অসমৰ ৪০ লক্ষাধিক লোকৰ নাম বাদ পৰাৰ পিছতো কিন্তু আজিলৈকে অসমত কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই। যি সকল প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম খচৰাৰ পৰা বাদ পৰিছে, পৰৱৰ্তী সময়ত তেওঁলোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হ’ব বুলি আস্থা আৰু বিশ্বাস ৰাখিয়েই তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ বাবে এনআৰচি কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰাখি সহায় আৰু সহযোগ অব্যাহত ৰাখিছে। 

ইতিমধ্যে সেই লোক সকলে এনআৰচিৰ চূড়ান্ত খচৰাত নাম নহাৰ কাৰণ বিচাৰি আবেদনও জনাইছিল এনআৰচি কৰ্তৃপক্ষৰ ওচৰত। আবেদনৰ ভিত্তিত যেতিয়া এনআৰচি কৰ্তৃপক্ষই সংখ্যালঘু লোক সকলৰ মাজৰ প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহযুক্ত বিদেশী নাগৰিক নাইবা বিদেশী ন্যায়াধীকৰণ আদালতত গোচৰ চলি থকাৰ বাবেই এনআৰচিৰ খচৰাত নাম অন্তৰ্ভুক্ত নহ’ল বুলি জনায়, তেতিয়া এইসকল প্ৰকৃত ভাৰতীয় নাগৰিকৰ মাজত ভয় আৰু শংকাই বিৰাজ কৰে বুলি সাংবাদমেলত হুছেইনে সদৰী কৰে। 

উদাহৰণ দাঙি ধৰি তামুলপুৰ মহকুমাৰ জাহিদা খাতুনৰ নাম উল্লেখ কৰি হুছেইনে কয় যে, তেওঁৰ নাম ১৯৭১ চনত ভোটাৰ তালিকাত সন্নিবিষ্ট আছিল। তৎস্বত্তেও জাহিদা খাতুনক সন্দেহযুক্ত নাগৰিক হিচাপে চিহ্নিত কৰি জাহিদাৰ নাম এনআৰচিৰ খচৰাত অন্তৰ্ভুক্ত নোহোৱা বুলি এনআৰচি কৰ্তৃপক্ষই অৱগত কৰে। এনে ধৰণৰ উপযুক্ত নথি পত্ৰ থকাৰ পিছতো প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ যি ষড়যন্ত্ৰ তাক এবিএমছুই কেতিয়াও মানি নলয়। 

তেওঁ পুনৰ কয় যে, অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত আজি যি এনআৰচি উন্নীতকৰণৰ কাম চলি আছে তাক এবিএমছুই আন্তৰিকতাৰে সমৰ্থন জনাই আহিছে আৰু এখন নিকা, স্বচ্ছ আৰু নিভাঁজ এনআৰচি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহায়-সহযোগ আগবঢ়াই আহিছে সংগঠনটোৱে। কিন্তু অতি দুৰ্ভাগ্যজনক ভাবে এনআৰচি উন্নীতকৰণৰ কামত নিয়োজিত একাংশ বিষয়া-কৰ্মচাৰীৰ চূড়ান্ত হেমহিৰ বাবে তামুলপুৰ মহকুমাৰ চাপাতল, গুৱাকুচি, সাপকাটা, দ্বাৰকুছি, কাউৰবাহা আদি অঞ্চলৰ বহু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ খচৰাত অন্তৰ্ভুক্ত হোৱা নাই বুলি উল্লেখ কৰে। 

সংখ্যালঘু সম্প্ৰদায়ৰ হোৱা বাবেই এই প্ৰকৃত ভাৰতীয় নাগৰিক সকলৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পেলোৱা হৈছে বুলিও ছাত্ৰ সংগঠনটোৰ সভাপতি গৰাকীয়ে অভিযোগ কৰিছে। বিদেশী ন্যায়াধীকৰণ আদালতত বিচৰাধীন হৈ থকা লোক সকলৰ ভিতৰৰ পৰা ১০ শতাংশ লোকৰ তথ্যও এনএছকে কেন্দ্ৰ সমূহত উপলব্ধ কৰাবলৈও দাবী জনায় সাংবাদমেল খনত। অসম চৰকাৰৰ ৰাজনৈতিক চক্ৰই অসমত যাতে এখন শুদ্ধ এনআৰচি প্ৰস্তুত নহয় তাৰ বাবে এক গভীৰ ষড়যন্ত্ৰ কৰা বুলিও অভিযোগ কৰে টাইচন হুছেইনে। 

এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক হুছেইনে সমালোচনা কৰি কয় যে এনআৰচিত পুনৰ নাম অন্তৰ্ভূক্ত কৰাৰ বাবে যি ৫ খন নথি বাদ দিয়া হ’ল সেয়া অতি দুৰ্ভাগ্যজনক। ইতিমধ্যে এনআৰচিৰ চূড়ান্ত খচৰাত প্ৰায় দুই কোটি নব্বৈ লাখ লোকৰ নাম অন্তৰ্ভূক্তিৰ ক্ষেত্ৰত ১৫ বিধ নথি গ্ৰহণযোগ্য আছিল যদিও শেহতীয়া ভাবে ৫ বিধ নথি বাদ দিয়াৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰা হৈছে, সেই নথি বাদ দি এনআৰচিত বাদ পৰা চল্লিছ লাখ লোকক অন্যায় কৰা হৈছে আৰু এইয়া প্ৰতীক হাজেলাৰ এক গভীৰ ষড়যন্ত্ৰ। 

এবিএমছুই এনআৰচিত চলি থকা বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা লোৱাৰ বাবে কাইলৈ অৰ্থাৎ ১২ ছেপ্টেম্বৰত তামুলপুৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিবলৈ সিদ্ধান্ত লৈছিল যদিও মহকুমা আৰু জিলা প্ৰশাসনে এই গণতান্ত্ৰিক আন্দোলনৰ বাবে অনুমতি নিদিলে। ইয়াৰ বাবে সংগঠনটোই ক্ষোভ প্ৰকাশ কৰি কয় যে ছাত্র সংগঠনটিয়ে পুনৰ অহা ১৯ ছেপ্টেম্বৰৰ আগতে বিভিন্ন দল সংগঠনক লৈ এক গণ সমাবেশৰ আয়োজন কৰিব। যদি জিলা আৰু মহকুমা প্ৰশাসনে এই ক্ষেত্ৰত বাধা আৰোপ কৰে তেন্তে উদ্ভৱ হব পৰা যি কোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন দায়ী হ’ব বুলি হুছেইনে সকীয়াই দিয়ে। 

অসম চৰকাৰকো এই গণতান্ত্ৰিক আন্দোলনত অনুমতি প্ৰদান কৰি এখন শুদ্ধ এনআৰচি প্ৰস্তুতকৰণত সহায় আগবঢ়াবলৈ তেওঁ আহ্বান জনায়। তামুলপুৰৰ বিধায়ক ইমানুৱেল মুছাহাৰীক সমালোচনা কৰি হুছেইনে কয় যে তামুলপুৰ বিধানসভা সমষ্টিৰ যি সকল প্ৰকৃত ভাৰতীয় লোক এনআৰচিক লৈ সমস্যাত পৰিছে, সেই সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিধায়ক গৰাকীও সম্পূৰ্ণৰূপে দায়বদ্ধ। অনাগত দিনত সমষ্টিটোৰ যি সকল প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰিছে সেই সকলৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিধায়ক গৰাকীৰ সহায়-সহযোগিতা কামনা কৰে ছাত্ৰ সংগঠনটোৱে। 

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ প্ৰতি সম্পূৰ্ণ আস্থা, সন্মান আৰু সমৰ্থন জনাই এবিএমছুৰ বাক্সা জিলাৰ সভাপতি গৰাকীয়ে কয় যে, যদিহে এনআৰচি কৰ্তৃপক্ষৰ একাংশ কৰ্মচাৰীৰ গাফিলতিৰ বাবে খচৰাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় সকলৰ নাম পুনৰ এনআৰচিত অন্তৰ্ভুক্ত নহয় তেন্তে এবিএমছুই ক্ষান্ত হৈ বহি নাথাকি ৰাজপথলৈ ওলাই আহি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও সকীয়াই দিয়ে।