newsnextone.com | কোকৰাঝাৰঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ অসম আৰক্ষীৰ সীমান্ত আৰক্ষী বিভাগে কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ আৰু নিৰ্দিষ্ট অঞ্চলটোলৈ নোযোৱাকৈয়ে প্ৰকৃত ভাৰতীয় লোক সকলক ডি-ভোটাৰ হিচাপে জাননী প্ৰেৰণ কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে এবিএমছুৱে৷ এবিএমছুৰ সভাপতি শ্বাহকামাল খন্দকাৰে মঙলবাৰে কোকৰাঝাৰত সাংবাদিক মেল অনুষ্ঠিত কৰি এই অভিযোগ কৰি ৰাজ্যত ডি-ভোটাৰৰ নামত সন্ত্ৰাস আৰম্ভ হৈছে বুলি চাঞ্চল্যকৰ মন্তব্য আগবঢ়াইছে ৷ ছাত্ৰনেতাগৰাকীয়ে কয় যে চৰকাৰৰ এটা অংশ আৰু সীমান্ত আৰক্ষীয়ে যি সকল লোকৰ মূৰত ডি-নামৰ কলংক জাপি দি সন্ত্ৰাসৰ সৃষ্টি কৰিছে তাৰে ৯৪ শতাংশ মানুহ ইতিমধ্যে বৈধ নথি পত্ৰৰে আইনী প্ৰক্ৰিয়াৰ জৰিয়তে এইখন দেশৰে নাগৰিক হবলৈ সক্ষম হৈছে ৷ 

সাংবাদিকমেলত ছাত্ৰ নেতা শ্বাহকামাল খন্দকাৰে কয় যে সীমান্ত আৰক্ষীয়ে কোনো ধৰণৰ ক্ষেত্ৰ ভিত্তিক অধ্যয়ন নকৰাকৈ চাৰিবেৰৰ মাজত থাকি সেনা জোৱান, অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষকে ধৰি ১০২ বছৰীয়া বৃদ্ধা, শিশু আৰু শেহতীয়াকৈ মৃত ব্যক্তিকো  ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰিছে বুলি অভিযোগ কৰিছে৷ ৰাজনৈতিক হেচাঁত সীমান্ত আৰক্ষীয়ে অধিক  সংখ্যক সংখ্যালঘু আৰু কোচঁ ৰাজবংশী জনগোষ্ঠীৰ লোক যাতে এনআৰচিৰ পৰা বাদ পৰে তাৰ বাবে কুটিল ষড়য়ন্ত্ৰ কৰা বুলি অভিযোগ কৰিছে ছাত্ৰ নেতা খন্দকাৰে ৷

 এনআৰচি প্ৰস্তুতকৰণৰ কাম যাতে শান্তিপূৰ্ণভাৱে হৈ যায় তাৰবাবে এবিএমছুৱে প্ৰথমৰ পৰাই সহায় সহযোগিতা কৰি থকা বুলি সদৰি কৰি শ্বাহকামাল খন্দকাৰে কয় যে যোৱা দুই মে'ত প্ৰতীক হাজেলাই দিয়া নিৰ্দেশনা ভিত্তি কৰি অসংখ্য লোকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰি আহিছে ৷ সময় থাকোতে চৰকাৰে ইয়াৰ উপযুক্ত ব্যৱস্থা হাতত নললে এবিএমছুৱে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব বুলি স্পষ্ট কৰি দিছে ছাত্ৰ নেতা শ্বাহকামাল খন্দকাৰে ৷ আনহাতে দেশী মুছলমান মানুহৰ ৭০ শতাংশ লোকৰ নামতোঁ ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰি তেওঁলোকৰ অস্তিত্বৰ প্ৰতিও সংকট নমাই অনা হৈছে বুলিও গুৰুতৰ অভিযোগ কৰিছে ছাত্ৰ নেতাগৰাকীয়ে ৷

 উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই একাংশ বিভাগীয় কৰ্মচাৰীয়ে ষড়যন্ত্ৰ চলাই আছে বুলি ঘোৰ অভিযোগ কৰি এনআৰচিৰ ক্ষেত্ৰত কোনোধৰণৰ খেলিমেলি হলে এবিএমছুৱে সহ্য নকৰে বুলিও স্পষ্ট কৰি দিছে শ্বাহকামাল খন্দকাৰে ৷ গৃহবিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশত গোটেই এনআৰচিৰ কাম বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি চাঞ্চল্যকৰ অভিযোগ কৰি ৰাজ্যত এটা চক্ৰই আইন শৃংখলা ভংগ কৰিবলৈ সক্ৰিয় হৈ আছে বুলিও সদৰি কৰিছে ছাত্ৰনেতাগৰাকীয়ে৷ এবিএমছুৱে এইক্ষেত্ৰত সকলো পক্ষকে সজাগ থাকিবলৈ আহ্বান জনাইছে ৷ সাংবাদিকমেলত এবিএমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক মইনুদ্দিন আলি, এবিএমছুৰ কোকৰাঝাৰ জিলাৰ সভাপতি আৰু সম্পাদককে ধৰি ছাত্ৰ সংগঠনটোৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ৷