newsnextone.com | কোকৰাঝাৰঃ দুৰ্বৃত্তই নিচেই ওচৰৰ গুলিয়াই হত্যা কৰা এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই অহা ১ আগষ্টত এবছৰ সম্পূৰ্ণ কৰিব। এবছৰ সম্পূৰ্ণ হ'বলৈ ওলাইছে যদিও হত্যাকাৰীক জালত পেলাবলৈ সক্ষম হোৱোটো দূৰৰ কথা চিনাক্ত কৰিবলৈ সক্ষম নহল চৰকাৰে। হত্যাকাণ্ডৰ তদন্ত এচআইটি, চিবিআইক দিয়া হল যদিও হত্যাকাৰীৰ কোনো ক্লু উলিয়াব নোৱাৰিলে তদন্তকাৰী সংস্থাই। অসমত যি সময়ত দুৰ্বৃত্তৰ স্কেছ অংকন কৰি ১২ ঘন্টাৰ ভিতৰতে দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিব পাৰে তেনে সময়তে লাফিকুলৰ হত্যাকাৰী কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে ৷ লাফিকুলৰ হত্যাকাণ্ডৰ আঁৰত যে গভীৰ যড়যন্ত্ৰ লুকাই আছিল সেয়া আৰু ৰাইজৰ বুজিবলৈ বাকী নাই। এই মন্তব্য এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ। 

কোকৰাঝাৰ সদৰ চহৰৰ নিকটৰ ভোটগাঁওস্থিত এবিএমছুৰ কাৰ্যালয়ত আয়োজিত এক সংবামেলত এবিএমছুৰ সভাপতিগৰাকীয়ে এই মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মিছলীয়া আখ্যা দিয়ে। মুখ্যমন্ত্ৰীয়ে ঘটনাৰ পিছতেই এবিএমছু আৰু আমছুৰ প্ৰতিনিধিৰ আগত যিকোনো মুল্যৰ বিনিময়ত লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ হত্যাকাৰী কৰায়ত্ব নহল বুলি মন্তব্যৰে এবিএমছুৰ সভাপতিগৰাকীয়ে চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

লাফিকুলৰ হত্যাকাণ্ডৰ দিনটো অৰ্থাৎ ১ আগষ্টৰ দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰা হ'ব আৰু উক্ত দিনাই ন্যায় প্ৰদানৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰি শ্বাহকামাল খণ্ডকাৰে চৰকাৰৰ নিৰ্লিপ্ততাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। লাফিকুল হত্যাকাণ্ডৰ ন্যায় প্ৰদান নকৰিলে হত্যাকাণ্ডৰ পিছত বিটিচি চৰকাৰে লাফিকুলৰ পৰিয়ালৰ দুজন সদস্যক দিয়া ঠিকাভিত্তিক চাকৰি আৰু আৰ্থিক অনুদানো ৰাইজৰ দান বৰঙনিৰে বিটিচি চৰকাৰক ওভতাই দিয়া হ'ব বুলি ঘোষণা কৰিছে এবিএমছুৱে। উল্লেখ্য যে, যোৱা ২০১৭ চনৰ ১ আগষ্টৰ সন্ধিয়া কোকৰাঝাৰস্থিত তিতাগুৰীৰ এখন টাইলচৰ দোকানত এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদক দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল ৷

 উল্লেখ্য যে, লাফিকুল ইছলামক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ প্ৰথমে এচআইটি আৰু তাৰ পিছত চিবিআইক দিয়া হ'ল যদিও আজিকোপতি হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল তদন্তকাৰী সংস্থাই ৷