newsnextone.com | কোকৰাঝাৰঃ দেশৰ শীৰ্ষ আদালতৰ তত্বাৱধানত ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে অসম আৰক্ষীৰ সীমান্ত শাখাই কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ আৰু নিৰ্দিষ্ট অঞ্চলটোলৈ নোযোৱাকৈয়ে প্ৰকৃত ভাৰতীয় লোক তথা সংখ্যালঘু লোকক ডি-ভোটাৰ হিচাপে জাননী প্ৰেৰণ কৰাৰ প্ৰতিবাদত এবিএমছুৱে সমগ্ৰ বিটিএডিত প্ৰতিবাদ সাব্যস্ত কৰে।

কোকৰাঝাৰৰ সদৰৰ লগতে বাক্সা জিলা, চিৰাং জিলাত এবিএমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। এবিএমছুৰ কোকৰাঝাৰ জিলাৰ ভোটগাঁৱত এবিএমছুৰ প্ৰায় শতাধিক কৰ্মী-সমৰ্থকে হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰবিৰোধী শ্ল'গানাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাৱস্ত কৰাৰ লগতে সীমান্ত আৰক্ষীৰ কাণ্ডক ধিক্কাৰ দি এনে অপকাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে । 

১৯৭১ চনৰ পিছত অহা হিন্দুৱে হওঁক, মুছলমানে হওঁক, বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এবিএমছুৰ আপত্তি নাই বুলি মন্তব্য প্ৰকাশ কৰি কোকৰাঝাৰ জিলা এবিএমছুৰ সভাপতি জাইদুল ইছলামে বিদেশীৰ নাম স্বদেশীক হাৰাশাস্তিৰ তীব্ৰ বিৰোধিতা কৰে। সীমান্ত আৰক্ষীৰ উদ্দেশ্যপ্ৰণোদিত কাৰ্যকো ধিক্কাৰ দি এবিএমছুৰ জিলা সভাপতি জাইদুল ইছলামে প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী বুলি হাৰাশাস্তি কৰিলে এবিএমছু হাতসাৱটি বহি নাথাকে বুলিও স্পষ্ট কৰি দিয়ে। ইপিনে মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰাৰ সময়ত এগৰাকী এবিএমছু কৰ্মী দৈব্যক্ৰমে অগ্নিদগ্ধ হোৱাৰ পৰা ৰক্ষা পৰে।

আনহাতে, কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ দেবীতোলা বজাৰতো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে পৰ্বতঝোৰা জিলা এবিএমছুৱে ৷ সীমান্ত আৰক্ষীয়ে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘূ সম্প্ৰদায়ৰ লোকসকলক ডি-ভোটাৰৰ জাননি প্ৰেৰণ কৰা কাৰ্যক গৰিহণা দিয়ে এবিএমছুৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণােৱালে সীমান্ত আৰক্ষীক নিয়ন্ত্ৰণ নকৰাৰ অভযোগ উত্থাপন কৰে।

বিজেপি চৰকাৰে ভাৰতীয় নাগৰিকক হাৰাশাস্তি নকৰিবলৈ সকীয়নি প্ৰদান কৰে ৷ বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, এবিএমছু জিন্দাবাদ আদি শ্ল'গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে ৷ কেইবাজনো প্ৰতিবাদকাৰীক কাজিগাওঁ আৰক্ষীয়ে আটক কৰি থানা লৈ নিয়ে যদিও কিছু সময় পিছত মুকলি কৰি দিয়ে৷

ডি-ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি বন্ধ কৰাৰ বিৰুদ্ধে বাক্সা জিলাৰ খন্দিকৰতো এবিএমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে। সীমান্ত আৰক্ষীয়ে সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে সংগঠনটোৱে। সৰ্বানন্দ সোণোৱাল হায় হায়, বিজেপি চৰকাৰে সংখ্যালঘুৰ ৰাইজক কৰা অত্যাচাৰ বন্ধ কৰক, ডি-ভোটাৰৰ নামত প্ৰকৃত ভাৰতীয় লোকক হাৰাশাস্তি বন্ধ কৰক, সীমান্ত আৰক্ষী হায় হায়, আদি শ্ল'গানেৰে ৰঙিয়া-গোৰেশ্বৰ পথ অৱৰোধ কৰি উত্তাল কৰি তোলে।