newsnextone.com | গোৰেশ্বৰঃ অবড়ো সুৰক্ষা সমিতিৰ সংগ্ৰাম ধ্বংস কৰিবলৈ একাংশই ষড়যন্ত্র কৰা বুলি অভিযোগ উত্থাপন কৰিছে খোদ সংগঠনটোৰ নেতাই। ১৯ জুলাইত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি দেৱান আব্দুছ চাহেদ, সহকাৰী সম্পাদক ললিত ডেকা আৰু তামুলপুৰ জিলা অবড়ো সুৰক্ষা সমিতিৰ সভাপতি প্ৰমোদ কলিতা আৰু সম্পাদক অচিন্ত শৰ্মাই স্বাক্ষৰ কৰা এক বিবৃতি যোগে সাংসদ নৱ শৰণীয়াৰ লগতে সংগঠন বিৰোধী কাম-কাজত জৰিতসকলক দলৰ পৰা বহিস্কাৰ কৰাৰ পিছত তেওঁলোকে ভৰিৰ তলৰ মাটিখিনি নোহোৱা হোৱাৰ ভয়ত পাগলৰ দৰে প্ৰলাপ বকিবলৈ আৰম্ভ কৰিছে বুলি কয়। 

সংগঠন আৰু ৰাজনীতি এক কৰি সংগঠনক নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পৰাকৈ কেইজনমান ব্যক্তিক ব্যৱহাৰ কৰিয়েই জনগণৰ সংগঠন এটাক সহজতে ধ্বংস কৰিব পৰা নাযায় বুলি কৈ যিসময়ত অবড়ো ৰাইজ যন্ত্ৰণাত চটফটাই আছিল সেইসময়ত অবড়ো ৰাইজক উদ্ধাৰ কৰিবলৈ ৰাজপথলৈ কোনো ওলাই অহা নাছিল বুলি কয়। যোগেশ্বৰ কলিতাৰ দৰে যুৱকৰ জন্ম নোহোৱা হ'লে আজি অবড়ো ৰাইজৰ দশা বহু বেয়া হ'লহেতেন বুলি কয়। 

পংকজ দাস হঁতৰ দৰে সময় আৰু সুবিধা বুজি ভাওঁ দিয়াসকলে সেই সময়ত কাৰ লগত কি মিতিলাৰি কৰি আছিল সেয়া সকলোৰে জ্ঞাত। বিহাৰী দাস, মাধৱ ৰাজবংশীয়ে আজিলৈ এটা সংগ্ৰামী কাৰ্যসূ্চী গ্ৰহণ কৰা নাই। সেয়ে তেওঁলোকে অবড়ো সুৰক্ষা সমিতিৰ নাম ব্যৱহাৰ কৰাৰ নৈতিক অধিকাৰ নাই বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে। সংগঠনে কৰি অহা আন্দোলনৰ ফলশ্ৰুতিত হীৰা শৰণীয়াৰ দৰে নেতা-সাংসদৰ জন্ম হৈছিল।

এতিয়া তেওঁৰ ছত্ৰছায়াত হেনো সংগঠনৰ দায়িত্ব নষ্ট কৰিব খোজে। সেইটো কোনো পধ্যেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। ২২ লাখ অবড়ো ৰাইজৰ স্বাৰ্থত কেইজনমান তথাকথিত নেতাক বহিস্কাৰ কৰাটো সংগঠনৰ বাবে গুৰুত্বপূৰ্ণ বিষয় নহয়। অনাগত দিনত সংগঠন আৰু অবড়ো ৰাইজৰ পক্ষত থাকি আন্দোলন অব্যাহত ৰাখিবলৈ বদ্ধ পৰিকৰ হৈছে অবড়ো সুৰক্ষা সমিতিৰ।