newsnextone|ৰঙিয়াঃ ৰাজ্যখনত বামপন্থী চিন্তাধাৰাৰ অন্যতম জনক তথা চিপিআই (এম)ৰ বিশিষ্ট নেতা প্ৰয়াত অচিন্ত্য ভট্টাচাৰ্যৰ ২৫ সংখ্যক মৃত্যু দিৱস শুকুৰবাৰে ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়৷ এই উপলক্ষে ৰঙিয়াৰ শ্ৰমিক ভৱনত 'অচিন্ত্য ভট্টাচাৰ্যৰ জীৱন দৰ্শন আৰু বৰ্তমান পৰিস্থিতি" শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

চিপিআই(এম)ৰ ৰঙিয়া আঞ্চলিক সমিতিৰ সম্পাদক বীৰেন্দ্ৰ নাথ শৰ্মাই সঞ্চালনা কৰা আলোচনা চক্ৰখনত দলটোৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক মণ্ডলীৰ সদস্য ইছফাকুৰ ৰহমান মুখ্য আলোচক হিচাপে উপস্থিত থাকে ৷ ৰহমানে প্ৰয়াত বামপন্থী নেতা অচিন্ত্য ভট্টাচাৰ্যৰ জীৱন দৰ্শন সম্পৰ্কত আলোচনা আগবঢ়াই কয় যে, অচিন্ত্য ভট্টাচাৰ্য আছিল এগৰাকী বিপ্লৱী জননেতা ৷

১৯১৪ চনত জন্মগ্ৰহণ কৰা ভট্টাচাৰ্যই দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি সাম্ৰাজ্যবাদী তথা পুঁজিবাদী বৃটিছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছিল ৷ ভট্টাচাৰ্যৰ আপোচহীন মনোভাৱ আৰু অদমনীয় স্থিতিত বিচলিত হৈ বৃটিছ চৰকাৰে তেওঁক কেইবাবাৰো জেললৈ প্ৰেৰণ কৰিছিল ৷

পিছে বৃটিছৰ নিৰ্যাতন নিপীড়নে বিচলিত কৰিব পৰা নাছিল ভট্টাচাৰ্যক ৷ দেশে স্বাধীনতা লাভ কৰাৰ পিছত প্ৰয়াত নেতাগৰাকীয়ে দেশত সাম্যবাদ প্ৰতিষ্ঠাৰ হকে এক ভেটি তৈয়াৰ কৰাৰ কামত নামি পৰে ৷ দেশৰ লক্ষ লক্ষ দৰিদ্ৰ নিপীড়িত জনতাৰ সামাজিক আৰু  অৰ্থনৈতিক মুক্তিৰ লক্ষ্য সম্মুখত ৰাখি তেওঁ দেশৰ নতুন চৰকাৰৰ শোষণ বঞ্চনাৰ বিৰুদ্ধে জেদাহ ঘোষণা কৰে ৷

১৯৬৪ চনত তেওঁ চিপিআই(এম)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য নিৰ্বাচিত হয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সাম্যবাদী আন্দোলনৰ এগৰাকী অগ্ৰণী যোদ্ধাৰূপে পৰিগণিত হৈ পৰে ৷ ১৯৯৩ চনলৈকে তেওঁ দলটোৰ কেন্দ্ৰীয় পৰিষদৰ নেতাৰূপে কাৰ্যনিৰ্বাহ কৰে ৷ পিছে ভট্টাচাৰ্যই তেওঁৰ জীৱনকালত দেশৰ প্ৰজাৰ যি অৰ্থনৈতিক আৰু সামাজিক মুক্তিৰ সপোন দেখিছিল সেয়া আজি পৰ্যন্ত ফলৱতী হৈ উঠা নাই ৷

আজি দেশৰ জনতা যদিও শোষণ নিপীড়নৰ সন্দৰ্ভত প্ৰতিবাদমুখৰ তথাপি প্ৰকৃত বিপ্লৱৰ পথলৈ জনতাক আগবঢ়াই আনিবলৈ এতিয়াও বহুদূৰ বাকী ৷ সাম্প্ৰতিক সময়ত তেখেতৰ কৰ্মৰাজী আৰু সপোন সম্মুখত ৰাখি আমি আটায়ে একেলগে সংগ্ৰামৰ পৃষ্ঠভূমিত সমবেত হ’লে ঈস্পিত লক্ষ্যত উপনীত হোৱাটো কোনো কঠিন কাম নহয় বুলি দোহাৰে ৰহমানে ৷

আলোচনা চক্ৰত অংশগ্ৰহণ কৰি বিশিষ্ট শ্ৰমিক নেতা বিবেকানন্দ অধিকাৰীয়ে কয় যে, ৰাজ্যখনত বামপন্থী আন্দোলকৰ ধাৰা শক্তিশালী কৰাৰ ক্ষেত্ৰত ভট্টাচাৰ্য আছিল পুৰোধা ব্যক্তি ৷ ১৯৬৪ চনৰ পৰা ১৯৮২ চনলৈকে তেওঁ আছিল চিপিআই(এম)ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক ৷

ৰাজ্যখনত ভুমিৰ সমস্যা, জাতিগত সমস্যা, শিক্ষাৰ সমস্যা আদি সমাধানৰ ক্ষেত্ৰত ব্যাপক গণ আন্দোলনৰ মাধ্যমেৰে ৰাইজক জাগ্ৰত কৰিছিল তেওঁ ৷ আলোচনা চক্ৰত শ্ৰমিক নেতা বাসুদেৱ কলিতা, কৃষক নেতা শৰৎ কলিতা , নৃপেন নাথ, যুৱনেতা অমৰজ্যোতি শৰ্মা, ললিত কলিতা, শিক্ষাবিদ দীননাথ বৈশ্যসহ ভালেসংখ্যক লোক উপস্থিত থাকে।