গুৱাহাটী/ধুবাৰীঃ বৃহস্পতিবাৰে নিশা মহানগৰীৰ আদাবাৰীত সংঘটিত এক হত্যা কাণ্ডৰ চাঞ্চল্য অব্যাহত আছে জালুকবাৰী অঞ্চলত৷ বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই আব্দুছ ছাত্তাৰ নামৰ ব্যৱসায়ীগৰাকীক নৃশংস ভাবে হত্যা কৰে দুৰ্বত্তই৷ জানিব পৰা মতে, ধুবুৰী জিলাৰ জৰুৱা-বন্দিহানাৰ যুৱকজনে যোৱা এবছৰে আদাবাৰীৰ বাছ আস্থানত সমীপত এখন টেইলৰৰ দোকান দি পৰিয়াল পোহপাল দি আহিছিল৷

শুকুৰবাৰে আব্দুছ ছাত্তাৰৰ মৃতদেহ নিজ ব্যৱসায় প্ৰতিষ্ঠানৰ ভিতৰত একাংশ লোকে প্ৰত্যক্ষ কৰে৷ হাত ভৰি বান্ধি থোৱা চোকা অস্ত্ৰৰে হানি-খুচি হত্যা কৰাৰ ঘটনাৰ পিছতে মালিগাও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ পৰিয়ালৰ লোকে মালিগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত দুৰ্বত্তক আটক কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে৷

মাত্ৰ এবছৰ পূৰ্বে ধুবুৰী জিলাৰ জৰুৱা বন্দিহানাৰ পৰা পয়েস্তী ডিমাতলা গাঁৱৰ বাসিন্দা আব্দুছ ছাত্তাৰে সপৰিয়ালে জীৱন জীৱিকাৰ বাবে গুৱাহাটী মহানগৰীলৈ ঢাপলি মেলিছিল। নৃত্য গীত তথা কৌতুক অভিনয়ৰে অঞ্চলবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা যুৱক গৰাকীৰ এনে হত্যাকাণ্ডই অঞ্চলজুৰি স্বাভাৱিকতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।