newsnextone.com | তেজপুৰৰ: শোণিতপুৰ জিলাৰ বৰঘাতত মঙলবাৰে নিশা প্ৰায় ১১.১০ বজাত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত জুইত জাহ গৈছে প্ৰায় ৫০/৬০ লক্ষাধিক টকাৰ সা-সম্পত্তি।

স্থানীয় লোকৰ সন্দেহ, শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হয় এই ভয়াবহ অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত মুঠ ১১খনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হোৱাৰ লগতে বিনষ্ট হয় দোকানৰ বহু মূল্যবান টকাৰ সা-সামগ্ৰী।

ভষ্মীভূত দোকানসমূহৰ ভিতৰত  ফাৰ্মাচী, ২খনকৈ ম'বাইলৰ দোকান,এখন হোটেল, ২খন কাপোৰৰ দোকান, এখন চাইকেলৰ দোকান, বাকীখিনি ষ্টেচনাৰীৰ দোকান আছিল। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ।