নগাঁও/জাজৰিঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সম্প্ৰতি ৰাজনৈতিক দলসমূহে ব্যাপক নিৰ্বাচনী তৎপৰতা অৱলম্বন কৰিছে৷ ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে শনিবাৰে বটদ্ৰৱা সমষ্টিৰ ধূপগুৰিত এখন বিশাল কৰ্মী সভা অনুষ্ঠিত কৰাৰ পিছত আজি সমষ্টিটোৰ দলংঘাটত ৰাজ্য চৰকাৰৰ মিত্ৰদল অগপে অনুষ্ঠিত কৰে এখনি কৰ্মী সভাত৷

মৰিগাঁও জিলা অগপৰ সভাপতি বুবুল দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত,অগপৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ডাঃ কমলাকান্ত কলিতা,উৎপল দত্ত,কেন্দ্ৰীয় কাৰ্যনিবাহ সদস্য  খালিছ উদ্দিন,যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি তপন দাস,মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদিকা ৰীণা শইকীয়া,মামনি বৰা,নগাঁও জিলা অগপৰ সভাপতি অতুল মেধী,সাধাৰণ সম্পাদক নিৰঞ্জন বৰা,হোজাই জিলা অগপৰ সভাপতি ৰেজাউল কৰিম চৌধুৰীকে প্ৰমুখ্য কৰি বহুকেইজন দলীয় শীৰ্ষ পৰ্যায়ৰ নেতাই অংশগ্ৰহন কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল কৰ্মীসকলক একত্ৰিতভাৱে সাজু হ’বলৈ আহ্বান জনায় ৷

প্ৰায় সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থকা সভাত অগপৰ নেতৃত্বই বিজেপি দলৰ কাম-কাজক ক্ষুৰধাৰ সমালোচনা কৰি চৰকাৰৰ মিত্ৰদল হোৱা সত্ত্বেও অগপক আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ  শক্তিশালী ৰূপত আগবঢ়াই নিবলৈ জনোৱা আহ্বানে একপ্ৰকাৰে বিশেষ তাৎপৰ্য বহন কৰিছে ৷আনকি,আজি বিশাল কৰ্মী সভা অনুষ্ঠিত কৰি অগপই বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ ভেটিত দিয়া এনে সমাগত পঞ্চায়ত নিৰ্বাচনৰ ৰণহুংকাৰে বটদ্ৰৱাৰ বিজেপি শিবিৰক শংকিত কৰি তুলিছে৷ ইফালে, নগাঁও জিলা অগপৰ প্ৰচাৰ সম্পাদক পংকজ ডেকাই আঁত ধৰা সভাখনিতে শাসনাধিষ্ঠিত বিজেপি দলৰ লগতে কংগ্ৰেছ আৰু আছুৰ অৰ্দ্ধ শতাধিক নেতা-কৰ্মীয়ে অগপ দলত যোগদান কৰে৷