newsnextone.com | নলবাৰীঃ ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম সংগী অসম গণ পৰিষদে বৃহস্পতিবাৰে নলবাৰী জিলাত শংখ বজাই আকাশ বতাই কঁপাই তুলি কোনো কাৰণত অসমে আৰু অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে বুলি স্পষ্ট কৰে৷ 

কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত ‘শংখনাদ’ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মন্ত্ৰী ফণী ভূষণ চৌধুৰী, সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলা কলিতা, বিধায়ক বৃন্দাবন গোস্বামী, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি সুনিল ডেকা, মহিলা পৰিষদৰ কেন্দ্ৰীয় সভানেত্ৰী বৰোদা কলিতা, প্ৰাক্তন সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, নুৰুল হুছেইন, মনোজ শইকীয়া, বিধায়ক পবিন্দ্ৰ নাথ ডেকা, ভূপেন ৰয়, প্ৰাক্তন বিধায়ক মদন কলিতাকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে৷ 

কামৰূপৰ ছয়াগাঁও, বঙাইগাঁও, ডিব্ৰুগড় জিলাৰ পিছত এইবাৰ আঞ্চলিক দল অগপই একপ্ৰকাৰ কঁপাই তোলে নলবাৰী জিলা৷ মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰী দল অগপৰ আহ্বানত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ অব্যাহত ৰখা অগপই মিত্ৰ দল বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে অসম আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈ অসমত লাখ লাখ হিন্দু বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব দিবলৈ ওলোৱাত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে মিত্ৰজোঁটৰ চৰকাৰৰ অন্যতম সংগী অগপই প্ৰতিবাদ সাব্যস্ত কৰি গৈছে৷ ৬বছৰীয়া বিদেশী বহিস্কাৰ আন্দোলনৰ অন্তত ৰূপায়ন কৰা অসম চুক্তিক নস্যাৎ কৰি ৮৫৫ জন শ্বহীদৰ ত্যাগক অপমান কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে অগপই প্ৰতিবাদ কৰি যাব বুলি ঘোষণা কৰে অগপৰ সভাপতি অতুল বৰাই৷

অসম গণ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু নলবাৰী সমষ্টি সমিতিৰ সহযোগত নলবাৰী গৰ্ডন স্কুল খেল পথাৰত অনুষ্ঠিত ‘শংখনাদ কাৰ্যসূচীৰ জৰিয়তে অসম চুক্তি ৰূপায়ণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়।

অগপ নেতা দিলিপ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা সমাবেশত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কংগ্ৰেছ-বিজেপিয়ে কোনোৱে অসম চুক্তি ৰূপায়ণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰা দেখা নগল বুলি কয়। ফলত চুক্তি খনত থকা সমস্যাসমূহ সমাধান নহল আৰু সমস্যা সমস্যা হৈ ৰল। বিশেষকৈ কংগ্ৰেছে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত দায়ি বুলি কয়। বহু আশা কৰি অগপ দলে তথা অসমৰ ৰাইজে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ সুযোগ দিলে। এনে সময়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহীত কৰি বাংলাদেশী আনি খোজে। ৰাজনৈতিক দিশৰ বাবে অৰ্থাত কংগ্ৰেছৰ অত্যাচাৰ অন্যায়ৰ বাবে শাসনৰ পৰা কংগ্ৰেছক আতৰোৱাৰ বাবেহে অসমত বিজেপিক সমৰ্থন কৰি চৰকাৰৰ সহযোগী হোৱা গৈছে বুলি কয় মহন্তই।

অগপ ধৰ্মনিৰপেক্ষ দল আৰু সকলো ধৰ্মৰ প্ৰতি বিশ্বাস আছে। এনে সময়ত অনুপ্ৰৱেশ কৰা লোকসকলক এই বিধেয়কৰ জৰিয়তে নাগৰিকত্ব দিয়াৰ বাবে কেন্দ্ৰীয় এন ডি এ চৰকাৰে উঠি পৰি লাগিছে সেয়া কোনো কাৰণত সমৰ্থন যোগ্য নহয় আৰু ধৰ্মৰ নামত নাগৰিকক নাগৰিকত্ব দিয়া নীতি আমি মানি নলও বুলি দৃঢ়তাৰে প্ৰকাশ কৰে মহন্তই।