গুৱাহাটীঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদ মেল সম্বোধন কৰে অ গ পৰ কেন্দ্ৰীয় নেতৃত্বই।

আমবাৰী মুখ্য কাৰ্যলয়ত মঙলবাৰে সংবাদ মেল সম্বোধন কৰে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে কমলা কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। লগতে এই সংবাদ মেলত উপস্থিত থাকে দলটোৰ কর্মী মনোজ শইকীয়া আৰু ভালে কেইজন সদস্য।

সংবাদ মেল সম্বোধন কৰি কমলা কলিতাই পোন প্ৰথমে ধন্যবাদ জনায় দলটোৰ তৃণমূল পয্যায়ৰ কর্মীসকলক। তেওঁ উল্লেখ কৰে যদিও অ গ প দলটোৱে পঞ্চায়ত নিৰ্বাচনত আশা কৰা দৰে ফলাফল লাভ কৰা নাই, দলৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলে দলটোক আগবঢ়াই নিয়াৰ বাবে যথেষ্ট কষ্ট কৰিছে। লগতে তেওঁ এই  নিৰ্বাচনত সফলতা লাভ কৰা ভাৰতীয় জনতা পাৰ্টীকো অভিনন্দন জনায়।

উল্লেখ যে অ গ প দলটোৱে কি কাৰণে আশা কৰাৰ দৰে ফলাফল লাভ কৰিবলৈ সক্ষম নহ'ল সেই সম্পৰ্কত দলে এতিয়া পৰ্যালোচনা কৰিছে বুলিও উল্লেখ কৰে। লগতে এই সংবাদ মেলতে জানিবলৈ দিয়ে যে অহা ২৭ ডিচেম্বৰ তাৰিখৰ দিনা দলৰ তৃণমূল পৰ্যায়ৰ কর্মীসকলক লৈ পঞ্চায়ত নিৰ্বাচনত আশা কৰা দৰে ফলাফল কিয় লাভ কৰিবলৈ সক্ষম নহ'লে সেই সম্পৰ্কত আমবাৰী মুখ্যকাৰ্যলয়ত এখন বৈঠক অনুষ্ঠিত হ'ব বুলিও জানিবলৈ দিয়ে।

লগতে এই সংবাদ মেলতে কমলা কলিতাই জানিবলৈ দিয়ে যে বহুতে এতিয়া অভিযোগ তুলিছে যে অতি কম সময়ৰ ভিতৰত দলটোৱে পঞ্চায়ত নিৰ্বাচন এককভাৱে খেলা সিদ্ধান্ত লোৱা বাবে ফলাফল এইয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে দলটোৱে এককভাৱে পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ বাবে ১ বছৰৰ আগতেই সিদ্ধান্ত লৈছিল। আৰু সকলোৱে এককভাৱে প্ৰতিদ্বন্দিতা কৰিবৰ বাবে পৰামৰ্শ দিছে দলটোক বুলিও উল্লেখ কৰে।

ইফালে এই সংবাদ মেলতে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে যদিও দলটোয়ে আশা কৰা দৰে ফলাফল লাভ কৰা নাই তথাপিও কিন্তু ১০২ টা বিধানসভা সমষ্টিত দলটোৱে পূৰ্বত কৈ  ভেটি অধিক দৃঢ় কৰিবলৈ সক্ষম হৈছে। কাৰণ আগতে অ গ প সাংগঠনিক ভেটি নথকা বহু সমষ্টিত অ গ প দলৰ পতাকা উৰিবলৈ সক্ষম হৈছে এই পঞ্চায়ত নিৰ্বাচনত বুলিও উল্লেখ কৰে।

ইফালে এই সংবাদ মেলতে জানিবলৈ দিয়ে যে ১৬ ডিচেম্বৰ দিনা দলটোৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আমবাৰী মুখ্যকাৰ্যলয়ত আৰু এই বৈঠক পাছতে জিলাসমূহলৈ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত প্ৰতিবেদন বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে।আৰু সেই প্ৰতিবেদন সমূহ ২৭ ডিচেম্বৰৰ ভিতৰত কেন্দ্ৰীয় নেতৃত্বৰ হাতত জমা দিয়াৰ বাবেও আহ্বান জনায়।

এই প্ৰতিবেদনসমূহৰ ওপৰত ভিত্তি কৰিয়েই ২৭ ডিচেম্বৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ'ব দলটোৰ মুখ্যকাৰ্যলয়ত বুলিও জানিবলৈ দিয়ে।