newsnextone.com | কাজিৰঙাঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া এক অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি, অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতিতহে ব্যস্ত হৈ পৰিছে৷

তাৰ মাজতে ডিফলু নৈয়ে শ-শ পৰিয়ালক কন্দুৱাইছে যদিও খবৰ লবলৈ আহৰি নাই চৰকাৰ মহাৰাজৰ৷ ডিফলু নৈৰ তাণ্ডৱৰ বাবে তুপুনি হৰিছে শ-শ লোকৰ৷ গোলাঘাট জিলাৰ বোকাখাতৰ ডিফলুৰ খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন এলেকাত ডিফলু নৈয়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে। মানুহৰ ঘৰ-দুৱাৰ উটুৱাই নিয়া পৰিলক্ষিত হৈছে৷ 

মানুহে চকুলো টুকি নিজে হাতৰে নিজৰ আপোন ঘৰ খন ভাঙিছে৷ যাৰ বুকুত জ্বলা জুইকুৰা কোনেও দেখা নাপাও৷ নৈৰ বুকুত জাহ যাব খোজা নিজৰ ঘৰখন নিজ হাতেৰে ভাঙি পেলাব লগা হোৱাৰ মৰ্মবেদনা মন্ত্ৰী-বিধায়কে বুজি নাপাব৷ শীততাপ নিয়ন্ত্ৰিত গাড়ীত জীৱন কটোৱা মানুহে গৃহহীনৰ মৰ্মবেদনা বুজিবলৈ প্ৰয়োজনেই বা আছে ক'ত৷ 

কেইটমান টকা আৰু ধৰ্মৰ নামত ৰাজনীতি কৰা এতিয়াৰ নেতাই গৰীৱ-দৰিদ্ৰ, খাটিখোৱাৰ অন্তৰৰ কথা শুনিবলৈ আহৰি বা আছে ক’ত৷ আজি যদি সময় থাকিল হেতেন তেন্তে সেইগৰাকী দিকবিদিক হেৰুৱাই নিজৰ আপোন ঘৰখনত হাতুৰেৰে কোব দিয়া লোকজনৰ ওচৰলৈ আহিলে হেতেন৷ নতুবা পূৰ্বে আহি ৰাজকোষৰ টকা উচিত কামত ব্যৱহাৰ কৰি তেওঁৰ ঘৰখন ৰক্ষা কৰিলেহেত৷ কিন্তু ৰজাহতৰ সময় ক’ত৷  
 
নাম তেওঁৰ ৰাম প্ৰসাদ মাঝি। শুকান মুখখনে কেতিয়াবাই হাঁহিব এৰিছে৷ কিয়নো যেতিয়াৰ পৰা নৈ খন তেওঁৰ বুকুৰ ওচৰ চাপিছিল তেতিয়া তেওঁ জানিছিল মই এদিন এই ঠাই এৰিব লাগিব৷ চাহ জনগোষ্ঠীৰ লোক ৰাম প্ৰসাদ মাঝিয়ে কেৱল চকুলো টুকিছিল ঘৰ খনৰ পিনে চাই৷ 

তেওঁ জানিছিল এদিন এই ঘৰখন নাথাকিব৷ কিমান বছৰৰ পূৰ্বে পূৰ্বপুৰুষে বোকাখাতৰ আহোম গাঁৱলৈ আহিছিল সেই কথা নাজানে যদিও নৈ খনৰ পৰা কিছু নিলগত তেওঁৰ জন্ম হৈছিল আৰু নৈ খনৰ সৈতে খেলি তেওঁ ডাঙৰ হৈছিল সেই কথা তেওঁ অৱগত৷ পিতৃয়ে কেতিয়া ঘৰখন সাজিছিল সেয়া তেওঁ নাজানে। বোকাখাত চহৰৰ পৰা মাত্ৰ ১ কিঃ মি নিলগৰ ডিফলু নৈৰ পাৰতে পৰিয়ালৰ সৈতে বসবাস কৰিছিল ৰামপ্ৰসাদে। ডিফলু নৈত সাঁতুৰি-নাদুৰি ডাঙৰ হোৱা ৰামপ্ৰসাদৰ পৰিয়ালটোৱে আন বহুজনৰ দৰে ডিফলুক মাতৃ হিচাপেই জ্ঞান কৰিছিল। কিন্তু সেই গৰাকী মাতৃৰ বুকুতে সকলো ত্যাগ কৰিবলৈ ওলাইছে ৰামপ্ৰসাদে।

কেতিয়াও নভৱাকৈয়ে বহু কষ্ট স্বীকাৰ কৰি সাজি লোৱা ৰামপ্ৰসাদৰ পকীঘৰত নিজেই হাতুৰীৰ কোব দিছে। ডিফলুৰ নৈৰ খহনীয়াৰ কৱলত পৰি ৰাম প্ৰসাদৰ বাৰীখন ইতিমধ্যে জাহ গৈছে। এতিয়াও ডিফলুৰ বুকুত সকলো তেওঁৰ স্মৃতি পৰি ৰৈছে। জাহ যাবলৈ ওলাইছে  ৰাম প্ৰসাদৰ ঘৰ কেইটা। উপায়হীন হৈ চকুলো টুকি ৰাম প্ৰসাদে খহনীয়াৰ গ্ৰাসত পৰি নিজৰ মৰমৰ ঘৰখন নিজেই ভাঙি পেলাইছে। 

হাতুৰী হাতত লৈ পৰিয়ালটোৰ সকলো সদস্য নামি পৰিছে নিজৰ মৰমৰ ঘৰখন ভাঙি অন্য স্থানলৈ নিবলৈ। কিন্তু, কোন অন্য ঠাইলৈ নিব৷ তেওঁলোকৰ আন ঠাইত মাটি আছে ক’ত৷ পৰিয়ালটোলৈ এতিয়া নামি আহিছে ঘোৰ অমানিশা। এনে অৱস্থা এতিয়া এজন ৰামপ্ৰসাদৰ নহয়। শ-শ ৰামপ্ৰসাদৰ এনে দশা হ’বলৈ ওলাইছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰেই খহনীয়াত সকলো হেৰুওৱা বহুজন ৰামপ্ৰসাদৰ কৰুণ আৰ্তনাদ আজি সুলভ৷ এখন নাটকৰ যৱনিকা পৰাৰ দৰে৷ বোকাখাত সদায় সাক্ষী হৈ ৰ’ব ৰামপ্ৰসাদৰ হতৰ বাবে৷ 

খহনীয়াৰ কৱলত পৰি বোকাখাত নগৰৰ পৰা মাত্ৰ ১ কিলোমিটাৰ পশ্চিমৰ লতাবাৰীৰ আহোম গাঁওখন সম্প্ৰতি নিশ্চিহ্ন হোৱাৰ উপক্ৰম হৈছে। ডিফলু নৈৰ ভয়াবহ খহনীয়াই এতিয়া কালৰূপ ধাৰণ কৰিছে গাঁওখনত। চপৰা-চপৰে খহিছে ঘৰ-দুৱাৰ, মাটি-বাৰী সকলো এতিয়া ডিফলু নৈৰ বুকুত বিলীন হ’বলৈ ধৰিছে৷ জীৱনৰ সন্ধান বিচাৰি নোপোৱা হতভগা পৰিয়ালবোৰৰ প্ৰতি যেন সামন্য খবৰ এটা লবলৈ আহৰি নাই চৰকাৰ মহাৰাজৰ। স্থানীয় বিধায়ক, কৃষিমন্ত্ৰী অতুল বৰাৰ বাসগৃহৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ নিলগত খহনীয়াৰ কালৰূপ ধাৰণ কৰাৰ পিছতোঁ শুই আছে মন্ত্ৰী অতুল৷

খহনীয়া ৰোধৰ বাবে প্ৰশাসন তথা জলসম্পদ বিভাগক আবেদন-নিবেদন কৰি অৱশেষত ভাগৰি পৰি নিজৰ ঘৰ নিজেই ভাঙিছে ৰামপ্ৰসাদ হতে৷ খহনীয়া ৰোধ কৰাত চৰম ব্যৰ্থ হোৱা বৰ বৰ কথা কৈ জাতিক ৰক্ষা কৰিব খোজা স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই নিজৰ ঘৰখনৰ সমীপৰ লোককেইজনকেই ৰক্ষ্ষা কৰিব নোৱাৰিলে৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰে ডিফলুৰ ভয়াবহ খহনীয়াৰ ৰোধৰ ব্যৱস্থা নকৰিলে কম সময়ৰ ভিতৰতে বোকাখাতৰ মানচিত্ৰৰ পৰা এদিন নাইকিয়া হৈ যাব আহোম গাঁও।