লাহোৱালঃ ডিব্ৰুগড় জিলা সাহিত্য পৰিষদে কলাগুৰু বঁটা প্ৰাপ্ত কবি, প্ৰৱন্ধকাৰ, বিহু বিশেষজ্ঞ অজিত দত্ত‌ক সম্বৰ্ধনা যাচে৷

যোৱা ২ অক্টোবৰত ডিব্ৰুগড়ৰ আমোলাপট্টি নাট‍্যমন্দিৰত ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰ উদ্যোগত অনুষ্ঠিত শ্ৰী মন্ত শঙ্কৰদেৱৰ ৫৬৯ তম জন্ম মহোৎসৱত দত্তক সম্বৰ্ধনা যাচে সাহিত্য পৰিষদে৷

দত্তক অসম সাহিত্য সন্মিলনে ২০১৭ বৰ্ষৰ কলাগুৰু বঁটা প্ৰদান কৰাৰ লগতে আৰু নেবক’ছে প্ৰদান কৰে ড০ ভূপেন হাজৰিকা বঁটা৷