আমগুৰিঃ বৰপেটা মেডিকেল কলেজত ১১ জনকৈ কেচুৱাৰ মৃত্যু হোৱাৰ পিছতো চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে দল-সংগঠনে৷ ৬০ ঘন্টাৰ ভিতৰত ১১টা কৈ কেচুৱাৰ মৃত্যু হয় বৰপেটা মেডিকেল কলেজত৷ ৫ অক্টোবৰৰ পৰা ৬০ ঘন্টাৰ ভিতৰত কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে এতিয়ালৈ ১১টা কৈ কেচুৱাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হয়৷ আচম্বিতে সৃষ্টি হোৱা এই বিভীষিকাৰ বাবে এতিয়ালৈ ১১টা কৈ শিশু মৃত্যুমুখত পৰে৷

বৰপেটা মেডিকেল কলেজ কাণ্ডৰ প্ৰতিবাদ জনাই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে দল-সংগঠনে৷ স্বাস্থ্য বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷ বহুবল্কী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ বিভাগতে গোলমাল তাৰ পিছতো শিক্ষকক ৰাজহুৱাকৈ খতিয়ান লৈ অপমাণ কৰা স্বাস্থ্য মন্ত্ৰীক এইবাৰ কোনে জেৰা কৰিব বুলি প্ৰশ্ন কৰে সংগঠনটোৱে৷

সংগঠনটোৱে আৰু কয় "চিকিৎসকৰ গাফিলতিত পৃথিৱী দেখাৰ সৌভাগ্য নহ'ল এঘাৰটি নৱজাতকৰ৷ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক উন্নয়নৰ সপোন দেখুওৱা বিজেপি চৰকাৰখন বৰ্তমান সৰ্বত্ৰে ব্যৰ্থ৷ কথাৰ ফুলজাৰিৰে অসমৰ ৰাইজক আভুৱা ভৰা চৰকাৰখনৰ ইটোৰ পাছত সিটোকৈ প্ৰকৃত স্বৰূপ ৰাইজৰ সন্মুখত প্ৰকাশ পাইছে"৷

ইমানে নহয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ গাফিলতিত ৬০ ঘণ্টাত ১১টা নৱজাতকে প্ৰাণ হেৰুৱাৰ পাছতো অহংকাৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ত্যাগ কৰা নাই বুলি কয়৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ সহ ৰাজ্যৰ কেবাটাও সংগঠনে সীমাহীন ক্ষমতাৰে বলীয়ান মন্ত্ৰীগৰাকীয়ে এয়া কাকতলীয় ঘটনা আৰু শিশুৰ মৃত্যু ভগৱানেহে নিৰ্ধাৰণ কৰে বুলি সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যত জাঙুৰ খাই উঠিছে৷

কেৱল চমক সৃষ্টিৰ বাবে কোনো আন্তঃগাঁঠনি নথকা বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকৰ গাফিলতিত সংঘটিত শোকাৱহ ঘটনাই সমগ্ৰ অসমবাসীক ব্যথিত কৰাৰ লগতে স্বাস্থ্য বিভাগৰ বিপক্ষে প্ৰতিবাদৰ জোৱাৰ তীব্ৰ হৈ পৰিছে৷

শিৱসাগৰ জিলাৰ আমগুৰিতো দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আমগুৰি নগৰৰ মাজমজিয়াত সংগঠনটোৱে স্বাস্থ্য মন্ত্ৰীৰ প্ৰতিকৃতি দাহৰ লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়ে৷ সংগঠনটোৱে বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ৰ ঘটনাৰ তথা দায়িত্বজ্ঞানহীন কাণ্ডৰ বিপক্ষে চিবিআই তদন্ত দাবী উত্থাপন কৰে সংগঠনটোৱে৷