চিচিবৰগাঁওঃ ধেমাজি জিলাৰ জোনাইত যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ চৰকাৰে জোনাইৰ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰাত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা-কৰ্মী ক্ষোভিত হৈ পৰে৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জোনাই আঞ্চলিক সমিতিৰ সহযোগত শুকুৰবাৰে জিলাখনৰ বিভিন্ন বিভাগত সংঘটিত ব্যাপক দুৰ্নীতিৰ তদন্ত কৰাৰ লগতে চিকিঁসা সেৱা, বিশুদ্ধ খোৱাপানী, ব্লাড বেংক স্থাপনৰ দাবীত সংগঠনটোৰ কেবা শতাধিক নেতা-কৰ্মীয়ে বিক্ষোভ প্ৰদৰ্শন কৰে৷

জনস্বাস্থ্য কাৰিকৰী বিভাগ, গড়কাপ্তানী বিভাগ ,আৱকাৰী বিভাগৰ জ্ঞাতসাৰে অৰুনাচলী সুৰাৰ ৰমৰমীয়া বেহা চলি থকা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে৷ জোনাইৰ ত্ৰিশ খন বিছনাযুক্ত চিকিৎসালয়খন ১০০ খন বিছনাযুক্ত কৰা, ব্লাড বেংক স্থাপন কৰা, চিকিৎসক-নাৰ্চ, কৰ্মচাৰী, বিশেষজ্ঞ চিকিৎসক নিযুক্তিৰ দাবীত জোনাই মহকুমাধীপতিৰ কাৰ্যলয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷

আনহাতে মহকুমাধীপতিৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ কেবাটাও দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে। বিক্ষোভ কাৰ্যসুচীত সংগঠনটোৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি নীল গগৈ, উপ-সভাপতি প্ৰিয়াংকু চুতীয়া, সাধাৰণ সম্পাদক বিষ্ণু শৰ্মা, যুটিয়া সম্পাদক ৰঞ্জন বড়া, কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস উপস্থিত থাকে৷