newsnextone.com | বেতবাৰীঃ অসমৰ খিলঞ্জীয়া হিন্দু সকলৰ শক্তিশালী সংগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ  ডিমৌ, ৰাজমাই আৰু আঠাবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আঠাবাৰী চাংমাই গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত ডিমৌ আঠাবাৰী চাংমাই গাৱৰ ৰাজহুৱা নামঘৰত “অখণ্ড ভাৰত দিৱস” উদযাপন কৰে সংগঠনটোৱে। 

“অখণ্ড ভাৰত দিৱস”ৰ অনুষ্ঠানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিমৌৰ বিশিষ্ট সমাজকৰ্মী উমেশ গগৈ, হিন্দু যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰঠাকুৰ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুধীৰ সিংহ। দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “অখণ্ড ভাৰত দিৱস” অনুষ্ঠানটোত পুৱাৰ ভাগত বৃক্ষ ৰোপন, পতাকা উত্তোলন কৰা হয়। 

তাৰ পিছতেই আঠাবাৰী চাংমাই গাঁৱৰ ভকত বৃন্দৰ দ্বাৰা “নাম প্ৰসংগ”, বৃন্দাৱনত আধ্যাত্মিক প্ৰশিক্ষণপ্ৰাপ্ত মহিলা প্ৰশিক্ষাৰ্থী মৌচুমী দূৱৰীয়ে “ভাগৱত বিশ্লেষণ” কৰে। ইয়াৰ পিছতে অখণ্ড ভাৰত সম্পৰ্কে আলোচনা চক্ৰ আৰম্ভ হয় । আলোচনা চক্ৰখনিৰ আঁত ধৰে পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি মনোজ গগৈয়ে। 

আলোচনা চক্ৰখনিত হিন্দু ধৰ্মৰ উদাৰতা, প্ৰকৃতিপ্ৰেম, বিশ্বাস আৰু সংস্কৃতিৰ বিষয়ে বক্তব্য আগবঢ়াই সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক প্ৰশান্ত বৰঠাকুৰে কয়, “বাৰে বাৰে ভাৰতবৰ্ষৰ ওপৰত হোৱা বিদেশী শক্তিৰ আক্ৰমণৰ পিছতো আমাৰ ধৰ্ম্ম-সংস্কৃতি আৰু সভ্যতাৰ পৰিচয় বৰ্তী আছে। হিন্দু মানুহে কাকো হিংসা নকৰে, আক্ৰমণ নকৰে, কিন্তু দেশৰ শত্ৰু সকলৰ পৰা দেশক ৰক্ষা কৰিবলৈ আমি সচেতন হ’ব লাগে।'' 

কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সুধীৰ সিংহই কয় যে, ধৰ্ম হেৰালে সংস্কৃতি হেৰায়, সংস্কৃতি হেৰালে পৰিচয় হেৰায়। ইয়াৰ পিছতে আমন্ত্ৰিত শিল্পী মৌচুমী গগৈ, নমিতা দাস আৰু সংগীবৃন্দৰ দিহানাম পৰিৱেশনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।