newsnextone.com | বিলসীপাৰাঃ ধুবুৰী জিলাৰ বিলাসীপাৰা আম্বেদকাৰ ভৱনত দেওবাৰে বিলাসীপাৰা কোচ ৰাজবংশীৰ আঞ্চলিক সমিতিখন গঠন কৰা হয়। এই উপলক্ষে ৰাতিপুৱা ১১ বজাত আম্বেদকাৰ ভৱনত যৌথ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। 

ধুবুৰী পূৱ জিলা আক্রাছুৰ মুখ্য উপদেষ্টা গিৰি ৰয়ৰ সভাপতিত্ব অনুষ্ঠিত হোৱা যৌথ প্ৰতিনিধি সভাত সানি সিংহক সভাপতি আৰু কমল ৰায়ক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া আক্রাছুৰ বিলাসীপাৰা আঞ্চলিক সমিতি গঠন কৰা হয়। 

সভাত আক্রাছুৰ কেন্দ্ৰীয় উপ সভাপতি মুকুল বৰুৱা, সহ সম্পাদক সঞ্জয় ৰায়, ধুবুৰী পুৱ জিলা আক্রাছুৰ সভাপতি অনন্ত বৰ্মন, সম্পাদক কৰ্ণ ৰয়, উপদেষ্টা চন্দন ৰয়, বিদ্যুৎ নাৰায়ণ সিংহ আদি বিষয়ববীয়া সকল উপস্থিত থাকে। 

নতুন সমিতিখনত উপ সভাপতি হিচাপে জগত ৰায়, সহঃ সম্পাদক হিচাপে মাধৱ ৰায় আৰু প্ৰচাৰ সম্পাদক হিচাপে ৰাহুল ৰায়ক নিৰ্বাচন কৰা হয়। নতুন সমিতি খনক আক্রাছুৰ সংবিধান অনুসৰি শপত বাক্য পাঠ কৰোৱা হয়। সভাত শতাধিক আক্রাছুৰ কৰ্মী উপস্থিত থাকে।