newsnextone.com | গোলকগঞ্জঃ শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ থকা এগৰাকী লোকে কিশোৰ-কিশোৰীৰ মুখৰ পৰা খাদ্য কাঢ়ি নি ধন ঘটিব খোজাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ধুবুৰীৰ জিলাত৷ ধুবুৰী জিলাৰ প্ৰতাপগঞ্জ হাই স্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল বিক্ৰী কৰাৰ লগতে বিদ্যালয় খনৰ আন্তঃগাঁথনিৰ ধন আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷

বৃহস্পতিবাৰে কেইবাশতাধিক ৰাইজে বিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষকক ঘেৰাও কৰি তন্ন তন্নকৈ হিচাপ বিচৰাত বিবুদ্ধিত পৰে প্ৰধান শিক্ষক আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ শিক্ষকগৰাকীয়ে ৰাইজৰ অভিযোগক গুৰুত্ব প্ৰদান নকৰাত জাঙুৰ খাই উঠে ৰাইজ। ধুবুৰী জিলাৰ প্ৰতাপগঞ্জ হাই স্কুলৰ তৰুণ কুমাৰ বৰ্মনে মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে। 

ৰাইজে অভিযোগ উত্থাপন কৰা মতে, দীৰ্ঘদিন ধৰি মধ্যাহ্ন ভোজনৰ দুৰ্নীতি আৰু আন্তঃগাঁথনিৰ ধন আত্মসাৎ কৰি আহিছে৷ শিক্ষাদানৰ পৰিৱৰ্তে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ উত্থাপন কৰে ক্ষোভিত ৰাইজে৷ বিদ্যালয়খনত প্ৰধান শিক্ষক তৰুণ কুমাৰ বৰ্মনে একনায়কত্ব বাদেৰে বিদ্যালয় চলাই থকাৰ বাবে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগ উত্থাপন কৰে৷

প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজনৰ দুৰ্নীতি আৰু আন্তঃগাঁথনিৰ বিৰুদ্ধে ৰাইজ তথা স্কুল পৰিচালনা সমিতিয়ে বিভাগীয় কৰ্তৃপক্ষ আৰু ধুবুৰী জিলা উপায়ুক্তক লিখিত ভাৱে জনোৱাৰ ৭ মাহ পাছতো আজিলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷