অহাকালি ৰাজ্যত ১ কোটি ভেকচিনঃমুুখ্যমন্ত্ৰী

গুৱাহাটীঃদুদিনীয়া ভ্ৰমণ সূচী লৈ উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ 'প্ৰাৰ্থনা' আঁচনিৰ শুভ উদ্বোধন কৰে৷উক্ত অনুষ্ঠানত কোভিডত-১৯ত মৃত্যু হোৱা ১০০গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷এই অনুস্থানতে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন ৰাজনৈতিক নেতা, বিষয়া উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ অসমক একত্ৰিত কৰাৰ চেষ্টা কৰা কৰাৰ কথা উল্লেখ কৰি কয় যে এই কাম পূৰ্বে কোনেও কৰিব পৰা নাছিল। তেওঁ তামুলপুৰত মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ লগতে তামোলপুৰৰ বাবে আন দুটা ভাল খবৰ থকা বুলি উল্লেখ কৰে। সেয়া হৈছে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ লগতে বাক্ৰা আৰু তামোলপুৰ সংযোগ হোৱাকৈ পাগলাদিয়া নদীত এখন দলং নিৰ্মাণৰ কথা উল্লেখ কৰে।

গুৱাহাটীৰ কেঞ্চাৰ চিকিৎসালয়ৰ ৰেডিঅ’ থেৰাপী ব্লক মুকলিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৰ্ষৰ অন্তত আঠখন কেঞ্চাৰ চিকিৎসা মহাবিদ্যালয় মুকলি হ'ব বুলি সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে ৰাজ্যিক কেঞ্চাৰ চিকিৎসালয় ৪৮৫ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে।

জি এম চি এইচৰ ৰাজ্যিক কেঞ্চাৰ চিকিৎসালয়খন উত্তৰ–পূব ভাৰতৰ সৰ্ববৃহৎ কেঞ্চাৰ চিকিৎসালয় হ'ব বুলি কয়। আনহাতে ড০ শৰ্মাই উল্লেখ কৰে যে এই বছৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় মুকলি হ'ব। বৰ্তমান ২৩খন চিকিৎসা মহাবিদ্যালয়ৰ কাম চলি থকাৰ বিষয়ে জানিবলৈ দি তেওঁ প্ৰতিবছৰে এখনকৈ চিকিৎসা মহাবিদ্যালয় মুকলি কৰা হ'ব বুলি উল্লেখ কৰে।

কোভিড প্ৰসংগত ড০ শৰ্মাই কয় যে কোভিডত ৫১১৪গৰাকী লোকৰ মৃত্যু হৈছে, ই মুঠ জনসংখ্যাৰ এক শতাংশ। তেওঁ লগতে আগষ্ট আৰু ছেপ্টেম্বৰত আৰু অধিক ভেকচিন লাভ কৰাৰ আশ্বাস গৃহমন্ত্ৰীৰ পৰা লাভ কৰা বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ ৰাজ্যত ১ কোটি ভেকচিন প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে কোভিডত স্বামীহাৰা হোৱা ৮৭৬ গৰাকী বিধৱা মহিলাক ২.৫০ লাখ টকাৰ সাহায্য বেংকৰ একাউন্টত দিয়া হৈছে বুলি উল্লেখ কৰি ১৫ আগষ্টৰ ভিতৰত এই নতুন আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত অনুদান দিয়া হ'ব বুলি ঘোষণা কৰে।