filephoto
filephoto

newsnextone.com | গুৱাহাটীঃ সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ'ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে।

বিভিন্ন জনৰ লগতে এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কৃষক নেতা অখিল গগৈয়ে এটা নিউজ চেনেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থা, অভিজিত শৰ্মা আৰু অসমৰ ৰাইজক অভিনন্দন যাচে। ৰাজ্য কেন্দ্ৰ চৰকাৰে এনআৰচি সম্পূৰ্ণ নহবৰ বাবে বহু পৰিমাণে চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰি বন্ধ কৰিবলৈ চৰকাৰে বহু চেষ্টা কৰিছিল বুলি কয়। 

সৌভাগ্যৰ কথা এই যে উচ্চতম ন্যায়ালয়ে চৰকাৰক বাধ্য কৰালে খচৰা প্ৰকাশ কৰিবলৈ। আমি এনআৰচি কৰ্তৃপক্ষক অভিনন্দন যাচিছোঁ। মুখ্য সমন্বয়ক প্ৰতীক হাজেলা সহ সকলোকে সম্পূৰ্ণ খচৰা প্ৰকাশ কৰাৰ বাবে অভিনন্দন যাচিছোঁ। এই ক্ষেত্ৰত গোচৰ তৰা অভিজিত শৰ্মা নামৰ লোকজনকো অভিনন্দন যাচিছোঁ। 

যিজনে এটা গোচৰ তৰিছিল। সেই গোচৰটোত সদৌ অসম ছাত্ৰ সন্থাও জৰিত হৈ আছিল। যাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক অভিনন্দন যাচিছোঁ। সমগ্ৰ অসমৰ ৰাইজক অভিনন্দন যাচিছোঁ। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ কোনো ঠাইত হুলস্থূল নকৰিবলৈ আহ্বান জনাও বুলি কয় অখিলে।