newsnextone.com | গুৱাহাটীঃ অৱশেষত গ্ৰেপ্তাৰ হ'ল ধনৰ বিনিময়ত এপিএছৰ চাকৰি লৈ আৰক্ষী বিষয়া হোৱাৰ অভিযোগ উত্থাপন হোৱা কবিতা দাস। দেওবাৰে নিশা গ্ৰেপ্তাৰ হোৱা দাসক সোমবাৰে বিশেষ আদালতত হাজিৰ কৰোৱা হয়। বিশেষ আদালতে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দাসক।

দেওবাৰে নিশা দুলীয়াজানত গ্ৰেপ্তাৰ কৰিছিল আইআৰবিএনৰ অধীক্ষক কবিতা দাসক। কবিতা দাসে অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰীত নাম ওলোৱাৰ পিছতে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰে।

ডিব্ৰুগড় আৰক্ষীয়ে দেওবাৰে নিশা কবিতা দাসক গ্ৰেপ্তাৰ কৰে। নিশাই কবিতা গুৱাহাটীলৈ লৈ অহা হয়। নিশা স্বামীৰ সৈতে বজাৰলৈ ওলাই অহাৰ সময়তে কবিতা দসাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, যোৱা কেইবাটাও দিন ধৰি মোবাইল অফ কৰি লুকুৱাই আছিল দাস। সোমবাৰে দিনৰ ভাগত দাসক বিশেষ আদালতত হাজিৰ কৰোৱা হৈছিল।