newsnextone.com | মৰিয়নীঃ উজনিত ৩০ ঘণ্টাৰ ভিতৰত ৰেলৰ দবাত অৰ্ধ উলংগ অৱস্থাত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰি অহাৰ সময়তে বিকাশ দাস নামৰ লোক এজনক দুয়োগৰাকী মহিলাক হত্যা কৰাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷  

ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে বিকাশ দাস নামৰ লোকজনক। দুয়োটা হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। 

বিকাশ দাস সামন্য মানসিক বিকাৰগ্ৰস্ত হোৱাৰ লগতে এবছৰ পূৰ্বে অনুৰূপ ধৰণে নিজ পত্নীক হত্যা কৰিছিল বুলি জানিব পৰা গৈছে।, কিছুদিন পূৰ্বে আদালতে কাৰাগৰৰ পৰা জামিনত মুকলি কৰি দিছিল । সন্দেহ কৰা মতে, ৰেলত ঘুৰি-ফুৰাৰ ইতিহাস থকা বিকাশে হত্যাকাণ্ড সংঘটিত কৰিব পাৰে৷ ইতিমধ্যে চিচিটিভি ফুটেজত বিকাশক ৰেল ষ্টেচনত প্ৰত্যক্ষ কৰা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে, ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷

প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷

ইতিমধ্যে দুজন লোকক অসম আৰক্ষীৰ সহযোগত সোধপোছৰ বাবে আটক কৰে ৰেল আৰক্ষীয়ে৷ আটকাধীন লোক দুজনক সোধপোছ অব্যাহত থকা বুলি জানিব পৰা গৈছে৷ যোৱা দুদিনত চলন্ত ৰে’লত যুৱতী-মহিলাক হত্যাৰ ঘটনা সন্দৰ্ভত চিচিটিভিৰ ফুটেজৰ ভিত্তিত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷